গ্ৰহ, নক্ষত্ৰৰ অৱস্থান যথেষ্ট শক্তিশালীঃ এইবাৰ বিশ্বকাপত চেম্পিয়ন হ'ব ৰোহিত বাহিনী...
গ্ৰহ, নক্ষত্ৰৰ অৱস্থান যথেষ্ট শক্তিশালীঃ এইবাৰ বিশ্বকাপত চেম্পিয়ন হ'ব ৰোহিত বাহিনী... 
বিশ্বকাপ, ২০২৩

গ্ৰহ, নক্ষত্ৰৰ অৱস্থান যথেষ্ট শক্তিশালীঃ এইবাৰ বিশ্বকাপত চেম্পিয়ন হ'ব ৰোহিত বাহিনী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলৰ তুলনাত ভাৰতীয় ক্ৰিকেটাৰসকলৰ গ্ৰহ, নক্ষত্ৰৰ অৱস্থান যথেষ্ট শক্তিশালী। সেয়ে আহমেদাবাদত আই চি চি বিশ্বকাপ-২০২৩ ৰ ট্ৰফীত শেষ চুম্বন দিব ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে।

জ্যোতিষ শাস্ত্ৰ অনুসৰি ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শৰ্মাৰ গ্ৰহ, নক্ষত্ৰৰ অৱস্থাত ২০১১ চনৰ বিশ্বকাপৰ সময়ত মহেন্দ্ৰ সিং ধোনিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ সৈতে একেই। সেয়ে ১৯ নৱেম্বৰত ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱেই শেষ হাঁহি মাৰিব।

ৰোহিত শৰ্মাৰ উপৰি ভাৰতীয় দলটোৰ শুভমণ গিল, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, মহম্মদ ছামি আৰু যশপ্ৰীত বুমৰাহৰ শুক্ৰ গ্ৰহৰ অৱস্থান খুব ভাল। কিন্তু ভাৰতীয় দলটোৰ প্ৰায়ভাগ ক্ৰিকেটাৰৰে মঙ্গলগ্ৰহৰ অৱস্থান সন্তুোষজনক নহয়।

সেয়ে ক্ৰিকেটাৰসকলৰ ফিটনেছক লৈ কিছু সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকে এই দিশটোক লৈ কিছু সচেতন হ'ব লাগিব। মঙ্গল গ্ৰহৰ অৱস্থানৰ বাবেই দলটোৰ অতিৰিক্ত আত্মবিশ্বাস সময়ত কাল হোৱাৰ সম্ভাৱনা নথকা নহয়।

ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়ান দলটোৰ অধিয়ানক পেট কামিন্সৰো গ্ৰহ-নক্ষত্ৰৰ অৱস্থান যথেষ্ট শক্তিশালী। কিন্তু ৰোহিতৰ তুলনাত কম।

অষ্ট্ৰেলিয়ান দলটোৰ এডাম জাম্পা, মিচেল ষ্টাৰ্ক, মিচেল মাৰ্ছ, মাৰ্নাছ লাবুছেন আদি ক্ৰিকেটাৰ খেল পথাৰত ভাৰতৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিব পাৰে। এনে পৰিস্থিতিত ভাৰতীয় দলটো যথেষ্ট চাপত পৰিব।

কিন্তু সকলো চাপ, বাধা নেওচি ৰোহিত শৰ্মাই তুলি ল'ব পাৰিব বিশ্বকাপৰ ট্ৰফী। ৰোহিত শৰ্মাৰ ভাগ্যৰ বাবেই ভাৰতীয় দলটোৰ সকলো বাধা হেলাৰঙে দূৰ হ'ব বুলি ফাইনেল খেলখনৰ প্ৰাক মূহূৰ্তত জ্যোতিষীসকলে ভৱিষ্যত বাণী কৰিছে।