বিশ্বকাপ, ২০২৩

৭০ ৰাণত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ, ছামীয়ে সংগ্ৰহ কৰিলে ৭ টাকৈ উইকেট

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সকলো অপেক্ষাৰল অন্ত পেলাই বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে। ৯ উইকেটত ৭০ ৰাণত নিউজিলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশত ভাৰতৰ। ১২ বছৰ পাছত ফাইনেলত ভাৰতে প্ৰৱেশ কৰে।

প্ৰথমে বেটিং কৰি ভাৰতে নিউজিলেণ্ডৰ সন্মুখত বান্ধি দিছিল ৩৯৮ ৰাণৰ লক্ষ্য। তাৰ বিপৰীতে নিউজিলেণ্ডে ৪৮.৫ অভাৰত ৩২৭ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

আজিৰ এই শ্বাসৰুদ্ধ খেলখনত ভাৰতৰ হৈ শতক অৰ্জন কৰে বিৰাট কোহলি আৰু শ্ৰেয়াচ আয়ৰে। বিৰাট কোহলিয়ে আজিৰ এই খেলখনতেই ৰচিলে বহু অভিলেখ। ভংগ কৰিলে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড।

আনহাতে এই খেলখনত ৭ টাকৈ উইকেট নিজৰ নামত কৰিলে মহম্মদ ছামীয়ে । লগতে বুমৰাহ, ছিৰাজ আৰু কুলদ্বীপে সংগ্ৰহ কৰিলে এটাকৈ উইকেট।

বিশ্বকাপৰ খেলত আজিৰ এয়া ১০ নম্বৰটো জয় ভাৰতৰ। মাজত মাত্ৰ ৩ দিন বাকী। তাৰ পাছতে ১৯ নৱেম্বৰত আহমেদাবাদত ভাৰতে খেলিব ফাইনেল।