সিংহলী বলাৰক নিৰ্দয় প্ৰহাৰ দক্ষিণ আফ্ৰিকাৰ: গঢ়িলে অনন্য অভিলেখ...
সিংহলী বলাৰক নিৰ্দয় প্ৰহাৰ দক্ষিণ আফ্ৰিকাৰ: গঢ়িলে অনন্য অভিলেখ... 
বিশ্বকাপ, ২০২৩

সিংহলী বলাৰক নিৰ্দয় প্ৰহাৰ দক্ষিণ আফ্ৰিকাৰ: গঢ়িলে অনন্য অভিলেখ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আই চি চি এদিনীয়া বিশ্বকাপ-২০২৩ ৰ তৃতীয় দিনটোত দক্ষিণ আফ্ৰিকাই গঢ়িলে ইতিহাস। শনিবাৰে দিল্লীত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা মেচখনত দলটোৱে মাত্ৰ ৫ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ৪২৮ ৰাণৰ পৰ্বতসম স্ক’ৰ।

ইয়াৰ জৰিয়তে এদিনীয়া বিশ্বকাপৰ ইতিহাসত অষ্ট্ৰেলিয়াৰ ৰেকৰ্ড ভংগ কৰাৰ উপৰিও বিশ্বকাপত মুঠ ৩ বাৰ ৪০০ তকৈ অধিক ৰাণ কৰাৰ আন এক ৰেকৰ্ডৰো অধিকাৰী হ'ল দলটো।

এদিনীয়া বিশ্বকাপত ইয়াৰ আগলৈকে আটাইতকৈ বেছি ৰাণ সংগ্ৰহ কৰাৰ ৰেকৰ্ড আছিল অষ্ট্ৰেলিয়াৰ নামত। ২০১৫ ৰ বিশ্বকাপত পাৰ্থত আফগানিস্তানৰ বিৰুদ্ধে দলটোৱে সংগ্ৰহ কৰিছিল ৪১৭ ৰাণ।

৭ টা উইকেইটৰ বিনিময়ত সংগ্ৰহ কৰা সেই পৰ্বতসম স্ক’ৰেই আছিল এদিনীয়া বিশ্বকাপৰ আটাইতকৈ বেছি ৰাণৰ অভিলেখ। কোনেও কল্পনা কৰিব নোৱাৰাকৈ শনিবাৰে সেই ৰেকৰ্ড ভংগ কৰিলে দক্ষিণ আফ্ৰিকাই।

অৱশ্যে বিশ্বকাপৰ মেচত ৪০০ ৰো অধিক ৰাণ কৰাৰ তালিকাত ভাৰত আছে তৃতীয় স্থানত। ভাৰতেও ২০০৭ ত বাৰমুডাৰ বিৰুদ্ধে ৫ উইকেটত ৪১৩ ৰাণ সংগ্ৰহ কৰিছিল। ইয়াৰ পৰৱৰ্তী স্থানত পুনৰ আছে দক্ষিণ আফ্ৰিকা।

আয়াৰলেণ্ডৰ বিৰুদ্ধে ২০১৫ত দক্ষিণ আফ্ৰিকাই সংগ্ৰহ কৰিছিল ৪ উইকেটত ৪১১ ৰাণ। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধেও আকৌ দক্ষিণ আফ্ৰিকাই সংগ্ৰহ কৰি থৈছে ৫ উইকেটত ৪০৮ ৰাণ।

উল্লেখ্য, শনিবাৰে বিশ্বকাপৰ এই মেচখনত দক্ষিণ আফ্ৰিকাৰ ৩ জনকৈ বেটছমেনে শতকীয় ইনিংছ খেলিছে। অপেনাৰ কুইণ্টন ডি কুকে ৮৪ টা বলত শতকীয় ইনিংছ উপহাৰ দিয়াৰ উপৰিও ৰাছি ভান ডাৰ ডুচেনে ১১০ বলত ১০৮ ৰাণ আৰু এডেন মাৰ্ক্ৰামে ৫৪ বলত বিধ্বংসী ৰূপ ধাৰণ কৰি ১০৬ ৰাণৰ ইনিংছ খেলে।