মন গ'লেই চাব পাৰিব কাৰোবাৰ ফেচবুক প্ৰফাইল ! 'মেটা'ই সমাধান কৰিলে সকলো সমস্যা....
মন গ'লেই চাব পাৰিব কাৰোবাৰ ফেচবুক প্ৰফাইল ! 'মেটা'ই সমাধান কৰিলে সকলো সমস্যা.... 
শিক্ষা-প্ৰযুক্তি

মন গ'লেই চাব পাৰিব কাৰোবাৰ ফেচবুক প্ৰফাইল ! 'মেটা'ই সমাধান কৰিলে সকলো সমস্যা....

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আৰু ভয় নাই। এতিয়াৰে পৰা ফেচবুকত বন্ধুত্বৰ তালিকাত নথকা ব্যক্তিৰ প্ৰফাইল চালে আপোনাৰ পৰা নিজে নিজেই গুছি নাযায় ফ্ৰেইণ্ড ৰিকুৱেষ্ট। 'মেটা'ই সমাধান কৰিছে এই সমস্যা।

বিগত সপ্তাহত হঠাৎ ফেচবুকত দেখা গৈছিল এক সমস্যা। ফ্ৰেইণ্ড  ৰিকুৱেষ্ট নপঠিওৱাৰ পাছতো বহুতলৈ নিজে নিজেই গুছি গৈছিল ফ্ৰেইণ্ড ৰিকুৱেষ্ট। টাইম লাইনত দেখা গৈছিল বহু অচিনাকী লোকৰ পোষ্ট।

এই সমস্যাৰ আঁৰত আছিল কাৰিকৰী বিশৃংখলতা ( প্ৰযুক্তিৰ ভাষাত ‘বাগ’)। অৱশ্যে মেটাৰ কাৰিকৰী টীমে এই সমস্যাৰ অন্ত পেলাইছে। হঠাৎ সৃষ্টি হোৱা এই সমস্যা সমাধান কৰাৰ উপৰিও মেটাৰ ফালৰ পৰা ক্ষমা বিচৰা হৈছে।

মাৰ্কিন যুক্ত ৰাষ্ট্ৰৰ 'দ্যা ডেইলী'ৰ প্ৰতিবেদন অনুসৰি 'বাগ'ৰ কাৰণেই কাৰোবাৰ প্ৰফাইল এবাৰ চালেই তেওঁলৈ নিজে নিজেই ফ্ৰেইণ্ড ৰিকুৱেষ্ট গুছি গৈছিল। সেই 'বাগ' সমস্যা ফেচবুকে ঠিক কৰিছে।

একেটা ৰিপোৰ্টত কোৱা হৈছে, ফেচবুক আপডেট কৰাৰ পাছতে এই 'বাগ'ৰ সমস্যাই দেখা দিছিল। উল্লেখ্য যে, বিগত সপ্তাহত ফেচবুকত সৃষ্টি হোৱা এই 'বাগ'ৰ সমস্যাৰ বাবেই বিশ্বজুৰি ফেচবুক ইউজাৰসকল বিপদত পৰিছিল।

তেওঁলোকে কাৰোবাৰ প্ৰফাইল এবাৰ চোৱাৰ পাছতেই তেওঁৰ অজ্ঞাতে নিজে নিজেই ফ্ৰেইণ্ড ৰিকুৱেষ্ট গুছি গৈছিল। যিয়ে ফেচবুকত ব্যক্তিগত গোপনীয়তা ভংগ হোৱাৰ অভিযোগ উত্থাপন হৈছিল।