৬৮ বছৰীয়া হ'ল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ঃ G-20 ৰ অধীনত ১ ফেব্ৰুৱাৰীলৈ Y-20ৰ বিভিন্ন অনুষ্ঠান
৬৮ বছৰীয়া হ'ল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ঃ G-20 ৰ অধীনত ১ ফেব্ৰুৱাৰীলৈ Y-20ৰ বিভিন্ন অনুষ্ঠান 
শিক্ষা-প্ৰযুক্তি

৬৮ বছৰীয়া হ'ল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ঃ G-20 ৰ অধীনত ১ ফেব্ৰুৱাৰীলৈ Y-20ৰ বিভিন্ন অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৬৮ বছৰত ভৰি দিবলৈ আগবাঢ়িছে উত্তৰ পূৰ্বাঞ্চলৰ অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ে। ২৫ জানুৱাৰীত গৌৰৱোজ্জ্বল ৬৮ টা বছৰত ভৰি দিব অসম অভিযান্ত্ৰিক মহাবিদ্যালয়খনে।

গুৱাহাটীৰ জালুকবাৰীত ১৯৫৫ চনত স্থাপন কৰা এই মহাবিদ্যালয়খনেই প্ৰযুক্তিবিদ্যাত স্নাতক ডিগ্ৰী প্ৰদান কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন প্ৰতিষ্ঠান। ২৫ জানুৱাৰী, বুধবাৰে পুৱা ৯ বজাত অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ চৌহদত আৰম্ভ হ'ব ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী।

ইফালে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনৰ অধীনত মহাবিদ্যালয়খনত Y-20 অনুষ্ঠানো অনুষ্ঠিত হ'ব। সেই অনুসৰি ২৫ জানুৱাৰীৰ পুৱা ৯ বজাত Y-20 অনুষ্ঠানৰ উদ্বোধন কৰা হ'ব।

Y-20 ৰ বিষয়বস্তুৰ এক ৰেলীও বাহিৰ কৰা হ'ব। এই ৰেলীৰ বিষয়বস্তু হ'ব বহনক্ষম কেমপাছৰ পৰা বহনক্ষম বিশ্বলৈ। ২৭ জানুৱাৰী, শুকুৰবাৰে পুৱা ১১ বজাত অনুষ্ঠিত হ'ব কুইজ প্ৰতিযোগিতা।

কুইজ প্ৰতিযোগিতাৰ বিষয় G-20 Entrepreneurship । ২৮ জানুৱাৰীৰ ১১ বজাত অনুষ্ঠিত হ'ব তৰ্ক প্ৰতিযোগিতা। ২৯ জানুৱাৰীৰ ১১ বজাত অনুষ্ঠিত হ'ব Ideathon, ৩০ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীৰ পুৱা ৯ঃ৩০ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হ'ব কৰ্মশালা।

৩০ জানুৱাৰীৰ কৰ্মশালাৰ বিষয় Economics of Disruptive Technologies আৰু ১ ফেব্ৰুৱাৰীৰ কৰ্মশালাৰ বিষয় Personality Devlopment and Behavioural Modelling ।