ক্রীড়া-জগত

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ : অ'ভেলত দুই শক্তিধৰৰ ৰণশিঙা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ আদি টেষ্ট সংস্কৰণ। প্ৰতিগৰাকী ক্ৰিকেটাৰৰ বৰ্ণময় কেৰিয়াৰত সপোন থাকে টেষ্ট খেলাৰ। তাতে আকৌ বিশ্বকাপ টেষ্ট।

বিশ্ব টেষ্ট চেম্পিয়শ্বিপৰ ফাইনেল খেলিবলৈ সৌভাগ্য প্ৰাপ্তি ; এগৰাকী ক্ৰিকেটাৰৰ জীৱনৰ বাবে ইয়াতকৈ আৰু কি লাগে ! আজিৰে পৰা ক্ৰিকেটৰ মাতৃভূমি ইংলেণ্ডত দ্বিতীয় সংস্কৰণৰ বিশ্ব টেষ্ট চেম্পিয়শ্বিপৰ ফাইনেল মেচ।

অ'ভেলৰ সমুখ সমৰত বিশ্ব ক্ৰিকেটৰ দুই শক্তিধৰ ভাৰত-অষ্ট্ৰেলিয়া। সদ্যসমাপ্ত আই পি এলৰ অভিযান সামৰি প্ৰায় পষেক দিন আগতে ইংলেণ্ডত উপস্থিত হৈছে ৰোহিত বাহিনী।

ইংলেণ্ডৰ পৰিবেশৰ লগত নিজকে খাপ খুৱাই লৈছে বিশ্ব জয় অভিযানমুখী প্ৰতিগৰাকী ক্ৰিকেটাৰে। প্ৰস্তুতি তুংগত অষ্ট্ৰেলিয়াৰো। অৱশ্যে অভিজ্ঞতাৰ দিশৰ পৰা অষ্ট্ৰেলিয়াতকৈ এখোপ ঊৰ্ধত ভাৰত।

কিয়নো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথম সংস্কৰণত নিউজিলেণ্ডৰে ফাইনেল খেলিছিল ভাৰতীয় ক্ৰিকেট দলে। অৱশ্যে প্ৰথম সংস্কৰণত নিউজিলেণ্ড চেম্পিয়নৰ খিতাপ দখল কৰাৰ বিপৰিতে ভাৰত ৰানাৰ্ছ-আপতে সন্তুষ্ট থাকিবলগীয়া হৈছিল। সেয়ে পূৰ্বৰ ভুলৰ পুনৰাবৃত্তি নকৰে ভাৰতে।

চেম্পিয়ন হোৱাৰ মানসিকতা দলৰ প্ৰতিগৰাকী সদস্যৰ। ৰোহিত,শুভমন, ৰাহানে,কোহলি,পূজাৰা,ঈশান কিষাণ আদিৰে গঠিত ভাৰতীয় দলৰ বেটিং লাইন-আপ। আনহাতে ছিৰাজ,উমেশ যাদব,মহম্মদ ছামিৰে গঠিত পেচ বলিং আৰু জাডেজা-অশ্বিনৰ স্পীন যুটিৰে গঠিত ভাৰতীয় দলক পৰাস্ত কৰাটো কঠিন হ'ব পেট কামিন্স বাহিনীৰ। ভাৰতীয় সময় অনুসৰি খেলৰ সময় আবেলি ৩-৩০ বজাত।