Adam Peaty
Adam Peaty 
ক্রীড়া-জগত

তিনিবাৰৰ অলিম্পিক চেম্পিয়ন এতিয়া চিকাৰ হতাশাৰ, সুৰাত আসক্ত হৈ কটাইছে দিন

Asomiya Pratidin

ডিজিটেল ডেস্ক : অলিম্পিক, যি প্ৰতিগৰাকী খেলুৱৈৰ সপোন । প্ৰথম সপোন অলিম্পিকত অংশগ্ৰহণ কৰাৰ, দ্বিতীয় সপোন অলিম্পিকত সোণৰ পদক জিকি নিজৰ দেশক বিশ্বৰ সন্মুখত আকৌ এবাৰ প্ৰতিষ্ঠা কৰাৰ । এই সপোন বহুতৰ বাবে সপোনেই হৈ ৰয়, মাত্ৰ কিছু সংখ্যকৰ বাবেহে এইয়া বাস্তৱ । কিন্তু যি অংশ লৈছে, যি পদক জিকিছে সি হে জানে ইয়াৰ মাদকতা । ইয়াৰ উন্মাদনা ।

কিন্তু অলিম্পিকেই জীৱন হ'ব নোৱাৰে কাৰো বাবে । চাৰিটা বছৰ, তাৰ পাছত আকৌ অনুষ্ঠিত হয় অলিম্পিক । হয়তো পূৰ্বৰ চেম্পিয়নেই তুলি লয় সোণৰ পদক অথবা আন কোনো খেলুৱৈয়ে বিশ্বজয় কৰে । কিন্তু মাজৰ সেই চাৰিটা বছৰ অলিম্পিকে মনত নাৰাখে খেলুৱৈক । ৰখা সম্ভৱো নহয় । ইমান প্ৰতিযোগিতা চৌদিশে । শ্ৰেষ্ঠজনক উফৰাই আন এজন শ্ৰেষ্ঠ হৈছে, সেয়াই নিয়ম পৃথিৱী আৰু প্ৰকৃতিৰ ।

ইংলেণ্ডৰ সাতোৰবিদ আডাম পিটী । তিনিবাৰকৈ অলিম্পিকত সাতোৰত সোণৰ পদক জিকিবলৈ সক্ষম হোৱা খেলুৱৈজন আজি বিধ্বস্ত ।

হতাশা, অত্যাধিক মদ্যপানে শেষ কৰি আনিছে একালৰ অন্যতম খেলুৱৈগৰাকীক । আগন্তুক ২০২৪ বৰ্ষত পেৰিছত অনুষ্ঠিত হ'ব অলিম্পিক । সমগ্ৰ ইংলেণ্ডৰ দৃষ্টি নিৱদ্ধ আডম পিটীৰ ওপৰত । চতুৰ্থবাৰলৈ ইংলেণ্ডক সাতোৰত সোণৰ পদক আনি দিব পৰাকৈ সক্ষম আডম । কিন্তু হতাশা, সুৰাসক্তিয়ে সেই সম্ভাৱনা ক্ৰমশ শেষ কৰি আনিছে ।

শেহতীয়াকৈ ইংলেণ্ডৰ এটি ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ এক সাক্ষাৎকাৰত পিটীয়ে কয় যে, "সোণৰ পদকে মোৰ কোনো সমস্যাৰ সমাধান কৰিব নোৱাৰে ।"

এনে এক ভয়ংকৰ পৰিস্থিতিৰ পৰা ওলাই আহি অলিম্পিকৰ দৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পৰাটোৱেই এতিয়া সমস্যা হৈ পৰিছে পিটীৰ বাবে । প্ৰায় এটা দশক ধৰি সাতোৰৰ "ব্ৰেষ্টষ্ট্ৰোক'ৰ চেম্পিয়ন পিটী এতিয়া নুমাবলৈ ধৰা চাকিটোৰ দৰে ।

ক্ৰমশ অৱশ হৈ আহিছে পিটী । যাৰ প্ৰভাৱ পৰিছে পিটীৰ প্ৰদৰ্শনত । এনেদৰেই থাকিলে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব পৰাটোও ডাঙৰ কথা হৈ পৰিব একালৰ চেম্পিয়নৰ বাবে । কিন্তু তাতোকৈ ডাঙৰ কথা, ই ধ্বংস কৰি তুলিব এটি মানৱ জীৱন । যি অলিম্পিক, সোণৰ পদক অথবা তেনেধৰণৰ বহু বস্তুতকৈ উৰ্ধত ।