ক্রীড়া-জগত

ড'প পৰীক্ষাত ব্যৰ্থ ভাৰোত্তোলক সঞ্জিতা চানু

Asomiya Pratidin

ডিজিটেল ডেস্ক : নতুন বছৰৰ আৰম্ভণিতেই পুনৰ কলংকিত ভাৰতীয় ক্ৰীড়াক্ষেত্ৰ । ড'প পৰীক্ষাত ধৰা পৰিছে দেশৰ প্ৰথম শাৰীৰ মহিলা ভাৰোত্তোলক সঞ্জিতা চানু । কমনৱেলথ গেমছৰ স্বৰ্ণজয়ী চানুক প্ৰাথমিকভাৱে নিৰ্বাসিত কৰিছে নাডাই । ২০১৪ চনৰ গ্লাছগো কমনৱেলথ গেমছৰ ৮৬ কেজি শাখাত স্বৰ্ণ পদক জয় কৰিছিল সঞ্জিতাই । ২০১১৮ গ'ল্ড কোষ্ট কমনৱেলথ গেমছতো স্বৰ্ণপদক লাভ কৰিছিল । সম্প্ৰতি গুজৰাট ৰাষ্ট্ৰীয় গেমছত সঞ্জিতাই ৰূপৰ পদক জিকিছিল ।

সেই গেমছৰ সময়তেই ড'প টেষ্টত ব্যৰ্থ হৈছিল সঞ্জিতা । শৰীৰত নিষিদ্ধ ড্ৰষ্ট্যনোলন পোৱা গৈছিল । অৱশ্যে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিব খেলুৱৈ গৰাকীয়ে । কিন্তু যদি ইচ্ছাকৃতভাৱে শক্তিবৰ্ধক ড্ৰাগ লোৱাটো প্ৰমাণিত হয়, তেন্তে চাৰি বছৰলৈ নিৰ্বাসিত হ'ব । এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় গেমছৰ পদকো কাঢ়ি লোৱা হ'ব খেলুৱৈ গৰাকীৰ পৰা ।

ইয়াৰ পূৰ্বেও ২০১৭ চনত ড'প পৰীক্ষাত ব্যৰ্থ হৈ এবছৰৰ বাবে নিৰ্বাসিত হৈছিল খেলুৱৈ গৰাকী ।