ক্রীড়া-জগত

দৰ্শকৰ প্ৰতি বিৰাট কোহলিৰ অনুৰোধ

Asomiya Pratidin

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে চলি আছিল বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচ। ভাৰত-শ্ৰীলংকাই অংশগ্ৰহণ কৰা এই মেচখন অনুষ্ঠিত হৈছিল মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত।

গেলেৰী ভৰ্তি দৰ্শকেৰে পৰিপূৰ্ণ ৱাংখাড়ে ষ্টেডিয়াম। বলিউদৰ শ্বাহিদ কাপুৰ,কুনাল খেমু,আথিয়া চেট্টী আদিকে ধৰি ভালেকেইগৰাকী অভিনেতা-অভিনেত্ৰীৰ উপৰি উপস্থিত আছিল ছাৰা তেণ্ডুলকাৰ। মেচখনৰ দ্বিতীয় ইনিংছত শ্ৰীলংকাই বেট ধৰি আছিল আৰু ভাৰতে ফিল্ডিং কৰি আছিল।

খেলৰ মাজভাগত হঠাতে গেলেৰীৰ পৰা ভাহি আহিল- ছাৰা,ছাৰা... 'হামাৰী ভাবি কেইছি হো,ছাৰা ভাবি জেইছি হো' এই ধ্বনি। একাংশ দৰ্শকৰ এই চিঞৰ শুনি হতবাক হৈ পৰে শুভমন গীলৰ কাষতে থকা প্ৰাক্তন অধিনায়ক বিৰাট কোহলি।

কোহলিয়ে লগে লগে দৰ্শকৰ ফালে চাই খেলপথাৰৰ পৰাই ইংগিতেৰে বাধা দিয়ে। বিৰাট কোহলিয়ে দৰ্শকৰ প্ৰতি জনোৱা এই অনুৰোধৰ ভিডিঅ' সম্প্ৰতি সামাজিক মাধ্যমযোগে ভাইৰেল হৈ পৰে।