ক্রীড়া-জগত

অন্ত পৰা নাই স্পেনিছ ফুটবলত বৰ্ণ বৈষম্যৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : বৰ্ণ বৈষম্য আৰু ফুটবলৰ প্ৰাচীন সম্পৰ্ক । আন সকলো ক্ষেত্ৰৰ দৰেই ইয়াতো উপেক্ষিত বহু কৃষ্ণাংগ মূলৰ খেলুৱৈ । ফ্ৰান্স দলৰ অন্যতম খেলুৱৈ প'ল পগবা তথা ইটালীৰ দুৰ্দান্ত ষ্ট্ৰাইকাৰ মাৰিঅ' বালাটোলীয়ে ইতিমধ্যেই এই বৰ্ণ বৈষম্যৰ চিকাৰ হৈ প্ৰতিবাদ কৰিছিল যদিও অন্ত নপৰিল এই কুপ্ৰথাৰ । হয়, ই এক কুপ্ৰথাই বৰ্তমান সময়ত । কিয়নো ২০১৮ বৰ্ষৰ বিশ্বকাপ বিজয়ী ফ্ৰান্স দলত থকা অধিকাংশ ফুটবলাৰেই আছিল কৃষ্ণবৰ্ণৰ । সেই বাবেই ইতিমধ্যে ফ্ৰান্স দলক ইতিমধ্যেই বহু ক্ৰীড়াপ্ৰেমীয়ে উপহাসো কৰিছিল দলটিক যে, যি দলে ইমান দিনে বৰ্ণ বৈষম্যক স্থান দি আহিছিল সেই দলে এতিয়া কৃষ্ণাংগ খেলুৱৈয়ে বিজয়ী কৰোৱা ট্ৰ'ফী গ্ৰহণ কৰিবনে বুলি ।

একেই ঘটনা ব্ৰাজিলৰ সৈতেও । লেটিন আমেৰিকান দেশ যি দেশক চুই গৈছিল ছে গুৱেভাৰাৰ দৰে বিপ্লৱীৰ চিন্তা-ধাৰাই সেই দেশতেই এতিয়া বৰ্ণ বৈষম্য আকাশচুম্বী । একেই অৱস্থা ইউৰোপৰ আন দেশ সমূহতো । অনুৰূপ পৰিস্থিতিৰ সন্মুখীন হ'ল ব্ৰাজিলিয়ান তাৰকা ভিনিচিয়াছ জুনিয়ৰ যি ৰিয়েল মাদ্ৰদিৰ দৰে এক প্ৰখ্যাত ক্লাবৰ এক গুৰুত্বপূৰ্ণ খেলুৱৈ । বিগত ছীজনত ৫ বাৰকৈ বিদ্বেষমূলক মন্তব্য হজম কৰিব লগীয়া হ'ল খেলুৱৈ গৰাকীয়ে । ২২ বছৰ বয়সতেই সমগ্ৰ বিশ্বৰ সন্মুখত নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন কৰিও বৰ্ণ বৈষম্যৰ সন্মুখীন হোৱাতো সাধাৰণ কথা নহয় । যি বয়সত সমগ্ৰ বিশ্বক নিজৰ ভৰিৰ তালে তালে নচুৱাবলৈ বাধ্য কৰিছে খেলুৱৈজনে সেই বয়সতেই এনে হিংসাত্মক ঘটনাই যে ঋণাত্মক প্ৰভাৱ পেলাব সেইয়া খাটাং ।

উল্লেখ্য যে, ফুটবল জগতৰ নিষ্ঠুৰতা কেৱল ছালৰ ৰঙতেই সীমাবদ্ধ নহয় । জাৰ্মানীৰ ইছলাম ধৰ্মী খেলুৱৈ অ'জিলেও বহু বাৰ সন্মুখীন হৈছিল ধৰ্মীয় বিদ্বেষৰ । খেলুৱৈ গৰাকীক উদ্দেশ্যি খেল পথাৰলৈ দলিয়াই দিয়া হৈছিল খাদ্যৰ টুকুৰা । নিজৰ দেশতেই শৰণাৰ্থীৰ দৰে ব্যৱহাৰ লাভ কৰিছিল অ'জিলে ।

এতিয়া প্ৰশ্ন হয়, ক্ৰীড়া সচাকৈয়ে সামাজিক সীমাবদ্ধতা সমূহৰ উৰ্ধত নহয় নেকি ? কেতিয়াবা এই সকলোৰ উৰ্ধত উঠিব পাৰিবনে ক্ৰীড়া ?