কাৰ ইনিংছ আছিল শ্ৰেষ্ঠ? অভিজ্ঞ বিৰাটৰ নে তৰুণ শুভমণ গিলৰ...
কাৰ ইনিংছ আছিল শ্ৰেষ্ঠ? অভিজ্ঞ বিৰাটৰ নে তৰুণ শুভমণ গিলৰ... 
ক্রীড়া-জগত

কাৰ ইনিংছ আছিল শ্ৰেষ্ঠ? অভিজ্ঞ বিৰাটৰ নে তৰুণ শুভমণ গিলৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কাৰ শতকীয়া ইনিংছ শ্ৰেষ্ঠ? অভিজ্ঞ বিৰাট কোহলিৰ নে তৰুণ ক্ৰিকেটাৰ শুভমণ গিলৰ? আই পি এলৰ লীগ পৰ্যায়ৰ অন্তিমখন মেচত আৰ চি বিৰ হৈ বিৰাট কোহলিয়ে চলিত ছিজনত ধাৰাবাহিক ভাৱে দ্বিতীয়টো শতকীয় ইনিংছ খেলাৰ দৰেই শুভমণ গিলেও চলিত আই পি এলৰ ছিজনৰ তেওঁৰ দ্বিতীয়টো শতকীয় ইনিংছ উপহাৰ দিলে।

শুভমণ গিলে তেওঁৰ এই শতকীয় ইনিংছৰ জৰিয়তে দলটোৰ বিজয়ত মুখ্য ভূমিকা পালন কৰিলে। দুয়োগৰাকী ক্ৰিকেটাৰৰ দক্ষতাক লৈ কাৰো প্ৰশ্ন নাই। দুয়োটো ইনিংছেই আছিল উপভোগ্য। কিন্তু তাৰ মাজতো যদি তুলনা কৰা হয় কাৰ ইনিংছ শ্ৰেষ্ঠ তেনে আপোনাৰ দৃষ্টিত বাৰো কাৰ শতকীয় ইনিংছ আছিল শ্ৰেষ্ঠ?

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা টম মোডিয়ে কোহলী আৰু গিলৰ এই শতকীয় ইনিংছৰ মাজত তেওঁৰ বিশ্লেষণ আগবঢ়াইছে। তেওঁৰ মতে এই দুয়োটা ইনিংছৰ ভিতৰত শ্ৰেষ্ঠ ইনিংছ আছিল শুভমণ গিলৰ।

অৱশ্যে ইয়াৰ কাৰণো তেওঁ ব্যাখ্যা কৰিছে। টম মোডিৰ মতে বিৰাট কোহলিয়ে তেওঁৰ ইনিংছটো মাত্ৰ ১ টা ছিক্সাৰেৰে সজাইছে। ইয়াৰ বিপৰীতে শুভমণ গিলে তেওঁৰ ইনিংছটো সজাইছে ৮ টা ছিক্সাৰেৰে।

অৱশ্যে দুয়োগৰাকী ক্ৰিকেটাৰ অপাৰজিত আছিল। কিন্তু শুভমণ গিলৰ শতকে আৰ চি বিৰ প্লে' অফত প্ৰৱেশৰ স্বপ্নক ভংগ কৰিছিল। শুভমণ গিলে শান্ত, সমাহিত ভাৱে গোটেই ইনিংছটোত দমনীয় প্ৰদৰ্শন দাঙি ধৰিছিল। শুভমণ গিলৰ ষ্ট্ৰাইৰ ৰেট আছিল ২০০।

উল্লেখ্য যে, দেওবাৰে আই পি এল-২০২৩ ৰ আৰ চি বি বনাম গুজৰাট টাইটানছৰ মাজৰ মেচখনত দুটাকৈ শতকীয় ইনিংছ উপভোগ কৰিবলৈ পালে ক্ৰিকেট অনুৰাগীসকলে। প্ৰথম ইনিংছত বিৰাট কোহলীয়ে ৬১ টা বলত অপৰাজিত ১০১ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে নিৰ্ৰাধাৰিত লক্ষ্য আগত লৈ শুভমান গিলে মাত্ৰ ৫২ টা বলত অপৰাজিত ভাৱে কৰিলে ১০৪ ৰাণ।