ক্রীড়া-জগত

বিৰাট কোহলিৰ সন্মুখত কে এল ৰাহুল বাহিনী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আই পি এলৰ এখন গুৰুত্বপূৰ্ণ মেচত সোমবাৰে অংশ ল'ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ। সন্ধিয়া একনা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া মেচখনকলৈ অনুৰাগীৰ মনত ব্যপক চৰ্চা লাভ কৰিছে।

কিয়নো বিৰাট কোহলিৰ দল ৰয়েল চেলেঞ্জাৰ্ছৰ মুখামুখি হ'ব কে এল ৰাহুলৰ দল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ। শেহতীয়া প্ৰদৰ্শনৰ ভিত্তিত ৫ খন মেচত জয়লাভ কৰি ১০ পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ। আনহাতে তুলনামূলকভাৱে দুৰ্বল প্ৰদৰ্শনৰ বাবে ৮ পইণ্টেৰে তালিকাৰ ষষ্ঠ স্থানত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। আজিৰ এই মেচখনত সম্প্ৰতি সুন্দৰ ফৰ্মত থকা কোহলিকলৈ কে এল ৰাহুল বাহিনীয়ে কি ৰণকৌশল ৰচনা কৰে সেয়াহে লক্ষণীয়।