ক্রীড়া-জগত

কোনে মাৰিব শেষ হাঁহি : সময় সমাগত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আহমেদাবাদত আজি সিদ্ধান্তৰ দিন। কোনে মাৰিব শেষ হাঁহি, অভিজ্ঞ মহেন্দ্ৰ সিঙ ধোনীৰ দল চেন্নাই নে দ্বিতীবাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰা হাৰ্ডিকৰ গুজৰাট। সেয়া নিৰ্ধাৰণ কৰিব সময়ে।

অনিশ্চিয়তাৰে ভৰা খেল ক্ৰিকেট। শেষ মূহুৰ্তলৈকে থাকে শ্বাসৰুদ্ধকৰ অৱস্থা। নিশা আহমেদাবাদত হ'ব অকাল দিপাৱলী। আজি অনুষ্ঠিত হ'ব আই পি এলৰ চূড়ান্ত মেচখন।

এই মহাৰণত নামিব চেন্নাই চুপাৰ কিংছ বনাম গুজৰাট টাইটানছ। নিশ্চিতভাৱে দুয়ো দলৰ শক্তিকলৈ নাই কোনো প্ৰশ্ন। প্ৰতিটো ক্ষণৰ উত্তৰ দিব সময়ে। শীতল মস্তিষ্কৰে পৰিৱেশ চম্ভালি লোৱাত সিদ্ধহস্ত কেপ্তেইন কুল মহেন্দ্ৰ সিঙ ধোনী।

ধোনীৰ ছাত্ৰ পাণ্ডিয়া কোনো গুণে কম নহয় । কাক ক'ত ,কেতিয়া, কেনেকৈ খেলাব লাগে তাৰ উমান বিগত মেচসমূহত দাঙি ধৰিছে। তাতে আকৌ গুজৰাটৰ গৃহভূমিত আই পি এলৰ চূড়ান্ত মেচ।

ঘৰুৱা দৰ্শকৰ সমৰ্থন চেন্নাইতকৈ তুলনামূলকভাৱে বেছিকৈ লাভ কৰিব গুজৰাটে। অৱশ্যে এনেবোৰ কথাকলৈ মুঠেই চিন্তিত নহয় ধোনী। উল্লেখিত অনুসৰি শীতল মস্তিষ্কৰে পৰিৱেশ চম্ভালি লোৱাত সিদ্ধহস্ত কেপ্তেইন কুল।

সময় সমাগত, অপেক্ষা মাথোঁ সময়লৈ। কোন হ'ব এইবাৰৰ চেম্পিয়ন। খেলৰ সময় সন্ধিয়া ৭-৩০ বজাত।