ক্রীড়া-জগত

টিজি বৰুৱা মিডিয়া টি-২০ ক্ৰিকেটত 'অসমীয়া প্ৰতিদিন' চেম্পিয়ন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ টিজি বৰুৱা সোঁৱৰণী মিডিয়া টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৪ৰ খিতাপ দখল অসমীয়া প্ৰতিদিনৰ। জজ খেলপথাৰত অনুষ্ঠিত এই খেলত Nd24ক পৰাজিত কৰি অসমীয়া প্ৰতিদিন চেম্পিয়ন হয়।

প্ৰথমে বেট ধৰি ৪ উইকেটত এনডি২৪ য়ে সংগ্ৰহ কৰে ১৭৮ ৰাণ। বিপৰীতে অসমীয়া প্ৰতিদিনে ৪ উইকেটৰ বিনিময়ত ১৭৯ ৰান সংগ্ৰহ কৰি চেম্পিয়ন হ'বলৈ সক্ষম হয়। দুটা বল বাকী থকা অৱস্থাতে এনডি২৪ ক পৰাস্ত কৰে অসমীয়া প্ৰতিদিনে।

এনডি২৪ ৰ হৈ ৰঞ্জিত চাংমাই ২টা ছয় আৰু ২টা ৪ ৰে ৫৪ৰ সৰ্বাধিক ৰান সংগ্ৰহ কৰে। আনহাতে অসমীয়া প্ৰতিদিনৰ হৈ মনজিৎ শৰ্মাই ২ উইকেট দখল কৰি তেওঁক চাৰি অভাৰত ২৭ ৰাণ দিয়ে। লগতে আনহাতে পাৰ্থিব নাৰায়ণ আৰু নিপন ডেকাই এটা কৈ উইকেট লাভ কৰে।

বেটিঙত অসমীয়া প্ৰতিদিনৰ ৰোমাৰিঅ শৰ্মাই এক সুন্দৰ ইনিংছ খেলি ৮৪ ৰাণত অপৰাজিত হৈ অসমীয়া প্ৰতিদিনক খেলত জয় লাভ কৰাত সহায় কৰে। শৰ্মাই ইনিংছত ১২ টা চাৰি আৰু ১ ছয় মাৰে। নিপন ডেকাই ২৬ টা বলত ৫ টা ৪ আৰু দুটা ৬ ৰে মুঠ ৪৬ ৰান সংগ্ৰহ কৰে। অৱশেষত অসমীয়া প্ৰতিদিনে জয়ী হ'বলৈ সক্ষম হয়।

আজিৰ এই খেলৰ বাবে ৰোমাৰিঅ শৰ্মাক মেন অফ দ্য মেচ হিচাপে বিবেচিত কৰা হয়। লগতে তেওঁ মেন অফ দ্য টুৰ্ণামেণ্ট, আৰু শ্ৰেষ্ঠ বেটাৰ হিচাপেও খিতাপ দখল কৰিবলৈ সক্ষম হয়।