ক্রীড়া-জগত

শুভমন গীলৰ শতকেৰে আকৰ্ষণীয় স্থিতিত ভাৰত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি আছে ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলা। চাৰিখনীয়া টেষ্ট শৃংখলাটোত ইতিমধ্যে ভাৰত ২-১ৰ ব্যৱধানত আগবাঢ়ি আছে। ৯ মাৰ্চৰ পৰা আৰম্ভ হৈছে শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন মেচ।

টছত জয়ী হৈ আলহী দল অষ্ট্ৰেলিয়াই প্ৰথমে ইনিংছ মুকলি কৰি দুটা দিন বেট ধৰি সংগ্ৰহ কৰে ৪৮০ ৰান। দ্বিতীয় দিনৰ ভোজন বিৰতিৰ পাছৰ পৰা ঘৰুৱা দলটোৱে প্ৰথম ইনিংছ আৰম্ভ কৰে।

তৃতীয় দিনৰ অন্তত বাতৰি লিখা পৰলৈকে ঘৰুৱা দলটোৱে ৩ টা উইকেট হেৰুৱাই ২৬২ ৰানত বেটিং কৰি আছে। ক্ৰিজত আছে বিৰাট কোহলি আৰু ৰবীন্দ্ৰ জাডেজা। ভাৰতৰ হৈ অপেনাৰ শুভমন গীলে শতক অৰ্জন কৰে। প্ৰতিভাৱান বেটছমেনগৰাকীয়ে ২৩৫ টা বলত ১২৮ ৰান কৰে।