ছাৰ জাদেজাৰ নামত আন এক ৰেকৰ্ড...
ছাৰ জাদেজাৰ নামত আন এক ৰেকৰ্ড... 
ক্রীড়া-জগত

ছাৰ জাদেজাৰ নামত আন এক ৰেকৰ্ড...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আঘাতৰ সমস্যাৰ পৰা মুক্ত হৈ জাতীয় ক্ৰিকেট দললৈ ঘূৰি অহাৰ পিছতে এটাৰ পিছত আন এটা অভিলেখৰ গৰাকী হৈছে ভাৰতীয় তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা। ঘৰুৱা মাটিত অনুষ্ঠিত ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ ইতিমধ্যে ২ খন টেষ্টত ৰবীন্দ্ৰ জাদেজাৰ প্ৰদৰ্শন আছিল ঈৰ্ষণীয়।

দুয়োখন টেষ্টত জাদেজা বেটে, বলে উজলি উঠিছিল। তৃতীয়খন টেষ্টো ইয়াৰ ব্যতিক্ৰম নহ'ল। প্ৰথমখন টেষ্টৰ প্ৰথমটো ইনিংছতে জাদেজাই গঢ়িলে এক বিশেষ ৰেক'ৰ্ড।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জাদেজাৰ সম্পূৰ্ণ হ'ল ৫০০ উইকেট। আনহাতে জাদেজাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰাণৰ সংখ্যাও ৫ হাজাৰৰ অতিক্ৰম কৰিলে। সেই অনুসৰি ৫ হাজাৰ ৰাণ আৰু ৫০০ উইকেট নিজৰ নামত কৰিবলৈ সক্ষম হোৱা জাদেজা হৈ পৰিল ভাৰতৰ দ্বিতীয়গৰাকী অলৰাউণ্ডাৰ।

ইয়াৰ পূৰ্বে কপিল দেৱ এই অভিলেখৰ গৰাকী হৈছিল। কপিল দেৱে তেওঁৰ কেৰিয়াৰত ৯০৩১ ৰাণ সংগ্ৰহ কৰাৰ লগতে৬৮৭ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে।

ইণ্ডোৰ টেষ্টৰ পূৰ্বে জাদেজাই ২৯৭ খন আন্তঃৰাষ্ট্ৰীয় মেচৰ৩৪৬ টা ইনিংছত ৪৯৯ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। বৰ্তমানলৈকে তেওঁ ২৪০ টা ইনিংছত ৫৫২৩ ৰাণ নিজৰ নামত কৰিছে।

ইণ্ডোৰ টেষ্টত জাদেজাই এই মাইলষ্ট'নত উপনীত হোৱাৰ পূৰ্বে তেওঁৰ চিকাৰ হ'ল ট্ৰেভিছ হেড। উল্লেখ্য যে, ইণ্ডোৰ টেষ্টত ভাৰত বেটিং বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হৈছে।

প্ৰথম ইনিংছত ভাৰতে মাত্ৰ ১০৯ ৰাণতে সীমাবদ্ধ থাকিবলগীয়া হয়। ভাৰতৰ হৈ বিৰাট কোহলিয়ে ২২, শুভমন গীলে ২১ ৰাণৰ বৰঙণি আগবঢ়ায়। আনহাতে ৰবীন্দ্ৰ জাদেজাই এই পৰ্যন্ত প্ৰথম ইনিংছত দখল কৰিছে ৪ টা উইকেট।