শুভমন গিলে আনিলে ৰাণৰ বৰষুণঃ দলৰ বিপদত খেলিলে দ্বিশতকীয় ইনিংছ...
শুভমন গিলে আনিলে ৰাণৰ বৰষুণঃ দলৰ বিপদত খেলিলে দ্বিশতকীয় ইনিংছ... 
ক্রীড়া-জগত

শুভমন গিলে আনিলে ৰাণৰ বৰষুণঃ দলৰ বিপদত খেলিলে দ্বিশতকীয় ইনিংছ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমটো দ্বিশতক অৰ্জন কৰিলে ভাৰতীয় তৰুণ ক্ৰিকেটাৰ শুভমন গিলে। নিউজিলেণ্ডৰ বিৰুদ্ধে হায়দৰাবাদত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত গিলে ১৪৯ বলত ২০৮ ৰাণ কৰিবলৈ সক্ষম হৈছে।

গিলৰ দ্বিশতকৰ জৰিয়তে ভাৰতে নিউজেলণ্ডৰ বিৰুদ্ধে ৩৫০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছে। ৮ উইকেটৰ বিনিময়ত ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত সংগ্ৰহ কৰিলে ৩৪৯ ৰাণ।

কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ খেলিবলৈ সক্ষম হোৱা গিলে এদিনীয়াত দ্বিশতক অৰ্জন কৰা ৫ম গৰাকী ভাৰতীয় খেলুৱৈ হিচাপেও পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে ভাৰতৰ ৰোহিত শৰ্মা, ঈশান কিষাণ, বীৰেন্দ্ৰ ছেহৱাগ আৰু শচীন তেণ্ডুলকাৰে এদিনীয়া ক্ৰিকেটত দ্বিশতক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

শুভমান গিলে এই ইনিংছৰ সময়ত ১০৬ ৰাণ সংগ্ৰহ কৰাৰ লগে লগে এদিনীয়া ক্ৰিকেটত ১০০০ হাজাৰ ৰাণ সম্পূৰ্ণ কৰিছিল। তেওঁ ১০০০ ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত দ্ৰুততম ভাৰতীয় বেটছমেন হৈ পৰিছে।

গিলে ১৯ খন এদিনীয়াৰ ১৯ টা ইনিংছত ১০০০ এদিনীয়া ৰাণ সম্পূৰ্ণ কৰিছে।পূৰ্বে বিৰাট কোহলি আছিল দ্ৰুততম ১০০০ ৰাণ সংগ্ৰহাকাৰী ক্ৰিকেটাৰ। বিৰাটে ২৭ খন মেচত ২৪ টা ইনিংছত ১০০০ ৰাণ সংগ্ৰহ কৰিছিল। আনহাতে তাৰ পূৰ্বে শিখৰ ধাৱানে ২৪ খন খেলৰ ২৪ টা ইনিংছত এই অভিলেখ গঢ়িছিল।

ক্লিক কৰি পঢ়কঃ ৯০০ বস্তা গুটখা জব্দ...