হঠাৎ ধোনিয়ে কিয় এৰিছিল টেষ্ট ক্ৰিকেট? ১০ বছৰ পিছত আহিল পোহৰলৈ..
হঠাৎ ধোনিয়ে কিয় এৰিছিল টেষ্ট ক্ৰিকেট? ১০ বছৰ পিছত আহিল পোহৰলৈ.. 
ক্রীড়া-জগত

হঠাৎ ধোনিয়ে কিয় এৰিছিল টেষ্ট ক্ৰিকেট? ১০ বছৰ পিছত আহিল পোহৰলৈ..

Asomiya Pratidin

ডিজিটেল ডেস্কঃ হঠাৎ কিয় টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল মহেন্দ্ৰ সিং ধোনিয়ে? ২০১৪ ত কোনো আগতীয়া ইংগিত প্ৰদান নকৰাকৈ টেষ্ট ক্ৰিকটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ধোনিয়ে। ইয়াকে লৈ সেই সময়ত সমগ্ৰ ক্ৰিকেট জগততে প্ৰশ্নৰ সৃষ্টি হৈছিল।

কিয় হঠাৎ ধোনিয়ে গ্ৰহণ কৰিছিল এই সিদ্ধান্ত? ক্ৰিকেট বিশ্বত এয়াই আছিল মূল প্ৰশ্ন। সুদীৰ্ঘ ১০ বছৰ পাছত ধোনিয়ে গ্ৰহণ কৰা সেই সিদ্ধান্তৰ আঁৰৰ কাৰণ পোহৰলৈ আহিছে।

শেহতীয়াকৈ ভাইৰেল হৈছে মহেন্দ্ৰ সিং ধোনিৰ পত্নী সাক্ষীৰ এটা পুৰণি ভিডিঅ'। এই ভিডিঅ'তে প্ৰকাশ পাইছে ধোনিয়ে হঠাৎ কিয় অৱসৰ লৈছিল সেই বিষয়ে।

২০১৫ চনৰ বিশ্বকাপৰ সময়ত ধোনি-সাক্ষীৰ পৰিয়াললৈ আহিছিল একমাত্ৰ কন্যা জিভা। সেই সময়ত অষ্ট্ৰেলিয়াত বিশ্বকাপ চলি আছিল। ধোনি সেই সময়ত বিশ্বকাপ এৰি দেশলৈ উভতি অহা নাছিল। তেওঁ ভাৰতীয় দলটোৰ সৈতে বিশ্বকাপত অংশগ্ৰহণ কৰিছিল।

সাক্ষীয়ে কোৱা মতে সেই সময়ত সাক্ষীয়ে যথেষ্ট অপমান সহ্য কৰিব লগা হৈছিল। কিয়নো তেনে অৱস্থাত ধোনি তেওঁৰ কাষত নাছিল। অৱশ্যে ধোনি পত্নীয়ে সেইবোৰ কথাক আওকান কৰিছিল।

সাক্ষীয়ে কৈছে, "আমি জানিছিলো যে ধোনিয়ে টেষ্টৰ পৰা অৱসৰ ল'ব। ধোনিয়ে মোক এটা ইংগিত দিছিল। মোৰ মনত আছে মই তেওঁক কৈছিলো, 'যদি আপুনি দেউতা হ'ব বিচাৰে, তেন্তে আপুনি এটা ফৰ্মেটৰ পৰা আঁতৰি থাকিব লাগিব। অন্যথা, আপুনি সন্তানক সময় দিব নোৱাৰিব।"

জিভাৰ জন্মৰ সময়ত ধোনি সাক্ষীৰ পৰা বহু দূৰত আছিল। তেনে অৱস্থাত সাক্ষীৰ কাষত ধোনি নথকাত হাস্পতালৰ বহুলোকেই আচৰিত হৈছিল। সাক্ষীয়ে কয়, "চিকিৎসালয়ৰ বহুলোকে আচৰিত হৈ সুধিছিল, 'আপোনাৰ স্বামী অহা নাই নেকি?' মই তেওঁলোকক কৈছিলো যে, এয়া তেওঁৰ বাবে গুৰুত্বপূৰ্ণ নহয়। ধোনিয়ে ক্ৰিকেটক সদায় অগ্ৰাধিকাৰ দি আহিছে। মোৰ বাবে ধোনি গুৰুত্বপূৰ্ণ। গতিকে তেওঁ যিটো বিষয়ে অধিক চিন্তা কৰে সেয়া মোৰ বাবে সমানে গুৰুত্বপূৰ্ণ। বহুলোকে মোক কৈছিল মই বহু ত্যাগ কৰিব লাগিব কাৰণ মই ধোনিৰ পত্নী। মই সেই মন্তব্যবোৰ গুৰুত্বসহকাৰে লোৱা নাছিলো। এয়া প্ৰেম। ইয়াক আত্মত্যাগ বুলি ক'ব নোৱাৰি।"

সাক্ষীৰ এনে মন্তব্যই এতিয়া ধোনিৰ টেষ্ট ক্ৰিকেটৰ অৱসৰৰ আঁৰৰ কাৰণ স্পষ্ট কৰিলে। অৱসৰৰ ১০ বছৰৰ পাছত পোহৰলৈ আহিল ধোনিৰ অৱসৰৰ কাৰণ। এয়াই ধোনি। সদায়েই ব্যতিক্ৰম।