পুত্ৰ অৰ্জুনৰ কেৰিয়াৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত শচীনে আঁতৰালে ৰোহিতক !
পুত্ৰ অৰ্জুনৰ কেৰিয়াৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত শচীনে আঁতৰালে ৰোহিতক ! 
ক্রীড়া-জগত

পুত্ৰ অৰ্জুনৰ কেৰিয়াৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত শচীনে আঁতৰালে ৰোহিতক !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুত্ৰ প্ৰেমত অন্ধ হ'ল নেকি শচীন? পুত্ৰৰ ক্ৰিকেট কেৰিয়াৰৰ স্বাৰ্থতে ৰোহিত শৰ্মাক শেষ কৰাৰ পৰিকল্পনাত নামি পৰিছে ক্ৰিকেটৰ ঈশ্বৰ? মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক পদৰ পৰা ৰোহিত আঁতৰ কৰোৱা মানুহজন শচীনে তেণ্ডুলকাৰ নেকি? এনেবোৰ প্ৰশ্নই এতিয়া এক্সত উত্থাপন হ'বলৈ আৰম্ভ হৈছে। আই পি এলৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বাঢ়িছে এই বিতৰ্ক।

মাজত মাত্ৰ ৩ টা দিন। আই পি এলৰ জ্বৰত আক্ৰান্ত হ'বলৈ সাজু হৈছে ক্ৰিকেট বিশ্ব। আই পি এল মানেই উত্তেজনা, আই পি এল মানেই উৎকণ্ঠা। এই উত্তেজনা আৰু উৎকণ্ঠা এইবাৰ অৱশ্যে আই পি এল আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা তীব্ৰ হৈ পৰিছে।

বিশেষকৈ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাক আঁতৰাই হাৰ্দিক পাণ্ডিয়াক ফ্ৰেঞ্চাইজিটোৰ অধিনায়কৰ দায়িত্ব দিয়াত আচৰিত হৈ পৰিছে সকলো। অব্যাহত আছে এই বিষয়টোক লৈ বিতৰ্ক।

কেৱল মুম্বাই ইণ্ডিয়ানছেৰ অনুৰাগীয়েই নহয়, আই পি এলৰ সকলো অনুৰাগীয়েই আচিৰত হৈ পৰিছে। যদিও মুম্বাই ইণ্ডিয়ানছে এই সন্দৰ্ভত এক আনুষ্ঠানিক বিবৃতি জাৰি কৰিছে তথাপিও শান্ত হোৱা নাই ৰোহিত অনুৰাগীসকল।

ৰোহিতক আঁতৰাই পাণ্ডিয়াক দলৰ অধিনায়কৰ দায়িত্ব দিয়া বিষয়টোক কোনো কাৰণতে মানি ল'ব বিচৰা নাই অনুৰাগীসকলে। আই পি এল-২০২৪ আহি দুৱাৰ মুখ পাওঁতেই এতিয়া ৰোহিতক মুম্বাইৰ অধিনায়কৰ পদৰ পৰা আঁতৰোৱাৰ আঁৰৰ মানুহজন বিচাৰি পাইছে একাংশ অনুৰাগীয়ে।

এই সন্দৰ্ভত এক্স (পূৰ্বৰ টুইটাৰ)ত আৰম্ভ হৈছে চৰ্চা। সেই চৰ্চা অনুসৰি ৰোহিতক মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কৰ পৰা আঁতৰোৱা মানুহজন আন কোনো নহয় তেওঁ শচীন তেণ্ডুলকাৰ। পুত্ৰৰ ক্ৰিকেট কেৰিয়াৰৰ স্বাৰ্থতে শচীনে এইদৰে ৰোহিতক অধিনায়কৰ পদৰ পৰা আঁতৰালে বুলি দাবী কৰিছে একাংশই।

উল্লেখ্য যে, শচীন পুত্ৰ অৰ্জুন তেণ্ডুলকাৰ যোৱা দুটা ছিজনত মুম্বাই ইণ্ডিয়ানছৰ সদস্য হৈ আছে যদিও খেলাৰ সুযোগ লাভ কৰা নাই। মাত্ৰ দুই, এখন মেচতহে দেখিবলৈ পোৱা গৈছে অৰ্জুনক। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, অৰ্জুন তেণ্ডুলকাৰ নামৰ এজন ক্ৰিকেটাৰো যে মুম্বাইত আছে সেয়া পাহৰি গৈছে ক্ৰিকেট অনুৰাগীয়ে।

সেয়ে পুত্ৰক অধিক সুযোগ দিবৰ বাবেই ৰোহিতক আঁতৰাই পাণ্ডিয়াক দলটোৰ অধিনায়ক কৰিলে শচীন তেণ্ডুলকাৰে বুলি চৰ্চা হৈছে। কেৱল সেয়াই নহয়, চৰ্চালৈ আহিছে শচীনে ৰোহিতৰ সফলতাত তেওঁক শুভেচ্ছা নজনোৱাৰ বিষয়টোও। অভিযোগ অনুসৰি যোৱা ২ টা বছৰৰ পৰা ৰোহিতৰ সৈতে সম্পৰ্ক ভাল নহয় শচীনৰ।

সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় শচীনে ক্ৰিকেটৰ প্ৰতিটো খবৰ শ্বেয়াৰ কৰে। প্ৰতিজন ক্ৰিকেটাৰক জন্মদিনৰ শুভেচ্ছা দিয়ে। তেওঁলোকৰ সফলতাত শুভেচ্ছা জনায়। কিন্তু শচীনে ৰোহিত শৰ্মাক জন্মদিনত, সফলতাত তেনে কোনো শুভেচ্ছা দিয়া নাই বুলিও অভিযোগ উত্থাপন হৈছে।

শতক অৰ্জন কৰা সকলো ক্ৰিকেটাৰকে এক্সত শুভেচ্ছা জনোৱা শচীনে ৰোহিতৰ শতকত কিন্তু শুভেচ্ছা জনোৱা নাই। একেদৰে যোৱা দুটা বছৰত ৰোহিতৰ এটাও সফলতাত শুভেচ্ছা জনোৱা নাই শচীনে। আনকি সদ্য সমাপ্ত বিশ্বকাপৰ সময়তো শচীনৰ এটাও টুইটত নাই ৰোহিতৰ নাম।

আনহাতে এক্সত অৰ্জুনে ৰোহিতক আনফ'ল' কৰা বুলিও চৰ্চা হৈছে। অথচ মুম্বাই ইণ্ডিয়ানছৰ প্ৰতিগৰাকী ক্ৰিকেটাৰকেই ফ'ল' কৰে অৰ্জুনে। শচীনেও ইনষ্টাগ্ৰামত বিৰাট, এ বি ডিভিলিয়াৰ্ছ, মহেন্দ্ৰ সিং ধোনি, যুৱৰাজ সিং, সুৰেশ ৰাইনা, হৰ্ভজন সিং আদিক ফ'ল' কৰে যদিও ৰোহিতক নকৰে।

এইদৰেই এতিয়া এক্সত অভিযোগৰ বৰষুণ নামিছে। ইফালে মুম্বাই ইণ্ডিয়ানছৰ অফিচিয়েল প্ৰেছ মিটত হাৰ্দিক পাণ্ডিয়াক ৰোহিতক অধিনায়ক পদৰ পৰা আঁতৰাই তেওঁক দায়িত্ব দিয়াৰ সন্দৰ্ভত কৰা প্ৰশ্নৰ কোনো উত্তৰ দিয়া দেখা নগ'ল। এনে ধৰণৰ কেইবাটাও প্ৰশ্ন এৰি চলিলে পাণ্ডিয়াই। একেদৰে এনেধৰণৰ প্ৰশ্ন উত্থাপনতো সংবাদ মাধ্যমক বাধা দিলে এম আইৰ অফিচিয়েলে।