ক্রীড়া-জগত

অন্য় এক অভিলেখৰ দিশে ৰোহিত শৰ্মা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আই চি চি এদিনীয়া পুৰুষ বিশ্বকাপ ২০২৩ত বৰ্তমানলৈ ভাৰতে পৰাজয় হোৱা নাই এখনো মেচ। এচিয়ালৈকে ৩খন মেচত খেলিছে ভাৰতে আৰু তিনিওখনতে দৰ্শনীয় জয় লাভ কৰিছে ভাৰতে। বিশ্বকাপ'২৩ত ভাৰতীয় দলৰ প্ৰদৰ্শনীৰ লগতে সকলোৱে শলাগ লৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ।

বিশ্বকাপৰ গোটেই কেইখন খেলতে ভাৰতীয় অধিনায়কগৰাকীক সুন্দৰ ফৰ্মত দেখা গৈছে। অধিনায়ক ৰোহিত শৰ্মাৰ এই সুন্দৰ প্ৰৰ্দশনীয়ে নিশ্চিতভাৱে দলটোৰ ফলাফলত যথেষ্ট ধনাত্মক প্ৰভাৱ পেলাইছে। বিশ্বকাপৰ পূৰ্বে ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হৈ যোৱা এছিয়া কাপত বিশ্বৰ দ্বিতীয়টো দ্ৰুততম ১০০০০ ৰাণ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় অধিনায়ক গৰাকী।

ৰোহিত শৰ্মাৰ সুন্দৰ ফৰ্মে আকৌ এটা অভিলেখৰ দিশে আগবঢ়াই নিছে ক্ৰিকেটাৰ গৰাকীক। এইবাৰ একেটে ক্ৰিকেট কেলেণ্ডাৰ বৰ্ষতে ৫০ টা ৬ কোবোৱা প্ৰথমজন ভাৰতীয় বেটাৰ হোৱাৰ দিশে অগ্ৰসৰ হৈছে ৰোহিত শৰ্মা। বৰ্তমানলৈ ৰোহিতৰ হাতত আছে ৪৭ টা ৬। আৰু মাত্ৰ ৩টা ৬ কোবালেই ৰোহিত শৰ্মা হৈ পৰিব একেটা ক্ৰিকেট কেলেণ্ডাৰ বৰ্ষতে ৫০ টা ৬ কোবোৱা প্ৰথমজন ভাৰতীয় বেটাৰ।

উল্লেখ্য যে, ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি ক্ৰীছ গেইল আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকা এ বি ডি ভিলিয়াৰ্ছে এই কৃতিত্ব অৰ্জন কৰা একমাত্ৰ ক্ৰিকেটাৰ। ২০১৫ চনত ৫৮টা ৬ৰ সৈতে ডি ভিলিয়াৰ্ছ এই তালিকাৰ শীৰ্ষত আছে। বাকী থকা খেলৰ সংখ্যা বিবেচনা কৰিলে ৰোহিতে সম্ভাৱনাময়ভাৱে এই অভিলেখ ভংগ কৰিব পাৰিব বুলি আশা কৰা হৈছে।