ক্রীড়া-জগত

সমীকৰণ চলিছে ছেমছন-ৰাহুলকলৈ : ৪ নম্বৰ স্থানৰ বাবে বিকল্প হ’ব পাৰে ৰিয়ান পৰাগ

Asomiya Pratidin

ডিজিটেল ডেস্ক : টি-২০ বিশ্বকাপকলৈ হাতত মাত্ৰ এমাহ সময়। ১মে’ৰ দিনা বিশ্বকাপমুখী ভাৰতীয় দল ঘোষণাৰ অন্তিম তাৰিখ। দল গঠন কৰাৰ বাবে এতিয়াও নিৰ্ণায়ক সিদ্ধান্ত ল’ব পৰা নাই নিৰ্বাচকে।

আই পি এলত খেলুৱৈৰ প্ৰদৰ্শনৰ ভিত্তিতেই গঠন কৰিব দল। সম্প্ৰতি ভালেকেইগৰাকী খেলুৱৈয়ে চলিত আই পি এলত উজলি উঠিবলৈ সক্ষম হৈছে। তাৰমাজতে নিৰ্বাচকে বিশেষ দৃষ্টি ৰাখিছে কে এল ৰাহুল,সঞ্জু ছেমছন, সূৰ্যকুমাৰ যাদৱ, ঋষভ পণ্ট আৰু ৰিয়ান পৰাগৰ ওপৰত। কিয়নো উইকেটৰক্ষক আৰু ৪নম্বৰ স্থানকলৈ এতিয়াও সমাকৰণ চলি আছে।

অৱশ্যে অধিনায়ক হিচাপে ৰোহিত শৰ্মা নিশ্চিত। অ’পেনিঙত ৰোহিতৰ সংগী হ’ব বিৰাট কোহলি। খবৰ অনুসৰি প্ৰথম পচণ্ডৰ উইকেটৰক্ষক হ’ব পাৰে ঋষভ পণ্ট। কিয়নো দিল্লী কেপিটেলছৰ অধিনায়কগৰাকীয়ে আঘাত মুক্ত হৈ সুন্দৰ প্ৰত্যাৱৰ্তন কৰিছে। বেটতো পাইছে ৰান।

তথাপি বিকল্প উইকেটৰক্ষকৰ বাবে সঞ্জু ছেমছন আৰু কে এল ৰাহুলৰ মাজত যুঁজ এখন হ’ব। ৰাজস্থান ৰয়েলছৰ অধিনায়ক ছেমছন আছে সুন্দৰ ফৰ্মত। ৰাহুলৰো প্ৰদৰ্শন নুই কৰিব লগা বিধৰ নহয়।

তাৰমাজতে এজনকহে দলত অন্তৰ্ভুক্ত কৰিব। হয়তো আজি হ’ব লগা ৰাজস্থান আৰু লক্ষ্ণৌৰ মেচৰ জৰিয়তে নিৰ্বাচকে সিদ্ধান্ত ল’ব দ্বিতীয় পচণ্ডৰ উইকেটৰক্ষক কোন হ’ব। সেয়ে আজিৰ মেচখন জয়-পৰাজয়তকৈ ৰাহুল-ছেমছনৰ অন্তৰ্ভুক্তিহে অধিক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

আনহাতে আজিৰ মেচত যদি অসম সন্তান ৰিয়ান পৰাগে এটা ডাঙৰ ইনিংছ খেলিব পাৰে তেন্তে ৪নম্বৰ স্থানৰ বাবে বিকল্প হিচাপে ভাৰতীয় দলত অন্তৰ্ভক্ত হোৱাৰ সম্ভাৱনা আছে। ৪নম্বৰৰ বাবে সূৰ্যকুমাৰ যাদৱ থকাটো প্ৰায় নিশ্চিত যদিও নিৰ্বাচকে বিকল্প খেলুৱৈৰ সন্ধানত থকা বুলি এক সূত্ৰত প্ৰকাশ। সেই অনুসৰি আজিৰ মেচখনত ৰাহুল, ছেমছনৰ লগতে ৰিয়ানৰ ওপৰত নিৰ্বাচকৰ কাঢ়া নজৰ থাকিব।নিৰ্বাচনৰ মাজতে পশ্চিমবংগত অঘটন : ৰহস্যজনক অৱস্থাত উদ্ধাৰ বিজেপি কৰ্মীৰ মৃতদেহ