ক্রীড়া-জগত

খেলপথাৰ শুৱনি কৰিবলৈ আহি আছে ঋষভ পণ্ট...

Asomiya Pratidin

ডিজিটেল ডেস্ক : পুনৰ যেন তেওঁ ২২গজলৈ প্ৰত্যাৱৰ্তন কৰিব। হাতত বেট লৈ প্ৰতিপক্ষৰ বলাৰক কৰিব প্ৰহাৰ। দুহাতত গ্ল'ভছ পিন্ধি পুনৰ ষ্টাম্পৰ পিচফাল শুৱনি কৰিবলৈ আহি আছে ঋষভ পণ্ট।

যদি কোনো অনাকাঙ্খিত ঘটনা সংঘটিত নহয়; তেন্তে এইবৰ্ষৰ আই পি এলতে দলক প্ৰতিনিধিত্ব কৰিব ভাৰতীয় উইকেট ৰক্ষক বেটাৰগৰাকীয়ে। এক কথাত আই পি এলৰ দ্বাৰাই খেলপথাৰত প্ৰত্যাৱৰ্তন কৰিব ঋষভ পণ্ট।

বি চি চি আইৰ এক সূত্ৰে পোৱা খবৰ অনুসৰি ইতিমধ্যে আঘাতমুক্ত হৈছে পণ্ট। অৱশ্যে আই পি এললৈ কিছুদিন হাতত আছে যিহেতু তেতিয়ালৈকে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব। এই দিশলৈ লক্ষ্য ৰাখিয়েই তেওঁ আই পি এল খেলিব পাৰিব বুলি এক ধাৰণ কৰা হৈছে।

সোমবাৰে বি চি চি আইৰ সচিবে ঋষভ পণ্টৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত এক মন্তব্য প্ৰদান কৰিছিল। সচিবগৰাকীয়ে পণ্টে আই পি এলৰ দ্বাৰাই পুনৰ ক্ৰিকেটলৈ উভতি আহিব বুলি এক ইংগিতো প্ৰদান কৰিছিল।

উল্লেখ কৰা প্ৰয়োজন যে, ২০২২ চনৰ ৩০ ডিচেম্বৰৰ নিশা এক পথ দুৰ্ঘটনাত পতিত হৈছিল প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকী। এই দুৰ্ঘটনাত মূৰ, বুকু, পিঠি, আঁঠু আদিকে ধৰি শৰীৰ বিভিন্ন অংশত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল পণ্ট।

অৱশ্যে এদল বিশেষজ্ঞ চিকিৎসকৰ দিনে-নিশাই চলা তত্বাৱধানৰ বাবেই আঘাতমুক্ত হোৱাৰ দিশে আগবাঢ়িছে তাৰকা ক্ৰিকেটাৰ পণ্ট। ২০২৩ৰ আই পি এলত তেওঁক খেলপথাৰৰ বাহিৰত দেখা গৈছিল।

সম্প্ৰতি তেওঁ দীঘলীয়া সময়ৰ বাবে অনুশীলন আৰম্ভ কৰিছে। নেটত বেটিং কৰাৰ উপৰি উইকেট কিপিং কৰিছে বুলি জানিব পৰা গৈছে। আনহাতে ফেব্ৰুৱাৰী মাহত তেওঁ সামাজিক মাধ্যমত ৰাজহুৱা কৰা এটা ভিডিঅ'ত শৰীৰ চৰ্চা কৰাও দেখিবলৈ পোৱা গৈছে।

ঋষভ পণ্ট পুনৰ খেলপথাৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ খবৰে দেশৰ ক্ৰীড়া মহলৰ উপৰি অনুৰাগীক আনন্দিত কৰিছে। তেওঁৰ প্ৰত্যাৱৰ্তন আই পি এলৰ লগতে জাতীয় দলৰ বাবে ডাঙৰ প্ৰাপ্তি !