ক্রীড়া-জগত

ইংলেণ্ডৰ বলাৰৰ সন্মুখত ভাৰতৰ অনভিজ্ঞ বেটাৰৰ অগ্নিপৰীক্ষা : অভিষেক ঘটিব ছৰফৰাজ-জুৰেলৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজকোটত আজিৰে পৰা ভাৰত-ইংলেণ্ডৰ মাজত আৰম্ভ হৈছে শৃংখলাৰ তৃতীয়খন খেল। ১-১ৰ সমতা স্থাপন কৰি আত্মবিশ্বাসী উভয় দল। অৱশ্যে ইয়াৰ মাজতে ভাৰতীয় দলৰ শিবিৰ কিছু চিন্তিত।

বিক্ষিপ্ত সমস্যাই জুৰুলা কৰিছে ঘৰুৱা দল ভাৰতক। আঘাতৰ বাবে অভিজ্ঞ বেটাৰ কে এল ৰাহুল দলৰ বাহিৰত। একেদৰে ব্যক্তিগত অসুবিধাৰ বাবে দলত নাই বিৰাট কোহলি। ফ্ৰমহীনতাৰ বাবে শ্ৰেয়াছ আয়াৰে তৰুণ খেলুৱৈক এৰি দিব লগা হৈছে স্থান।

মুঠৰ ওপৰত দলত কেইগৰাকীমানহে আছে জ্যেষ্ঠ তথা অভিজ্ঞ খেলুৱৈ। বিপৰীতে এজাক তৰুণ ক্ৰিকেটাৰে ইংলেণ্ডৰ বলাৰৰ সৈতে মোকাবিলা কৰিব লাগিব। আজিৰে পৰা আৰম্ভ হোৱা তৃতীয়খন মেচত ৰোহিতৰ সৈতে ইনিংছ মুকলি কৰা তৰুণ খেলুৱৈ যশস্বী জয়ছোৱালে মাত্ৰ ১০ ৰান কৰি বিদায় মাগে। ২৩ ৰানতে এটা উইকেটৰ পতন।

বেটিংক্ৰমত নাই এজনো অভিজ্ঞতাসম্পন্ন খেলুৱৈ। গীল, ৰজত পাটিডাৰ, ধ্ৰুৱ জুৰেল, ছৰফৰাজ খানেৰে গঠিত মূল বেটিং লাইন-আপ। শুভমন গীলৰ বাহিৰে বাকী কেইগৰাকী অভিজ্ঞতাৰ দিশৰ পৰা কেচুৱা। আজিৰ এই মেচৰ জড়িয়তে আন্তৰ্জাতিক টেষ্ট কেৰিয়াৰত অভিষেক ঘটিব ছৰফৰাজ খান আৰু ধ্ৰুৱ জুৰেলৰ।

ইংলেণ্ডৰ বলাৰৰ সন্মুখত ভাৰতৰ এইসকল অনভিজ্ঞ বেটাৰে কিদৰে প্ৰত্যাহ্বান গ্ৰহণ কৰে সেয়া হ'ব অগ্নিপৰীক্ষাসদৃশ। বাতৰি লিখা পৰলৈকে ভাৰতে প্ৰথম ইনিংছ আৰম্ভ কৰি ২টা উইকেটৰ বিনিময়ত ২৪ ৰান সংগ্ৰহ কৰিছে। জয়ছোৱাল (১০), গীল (০) সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। ক্ৰিজত আছে অধিনায়ক ৰোহিত শৰ্মা (১৩) আৰু ৰজত পাটিডাৰ(০)।