টি-২০ বিশ্বকাপলৈ ভাৰতে প্ৰেৰণ কৰিব ৩ টা দল !
টি-২০ বিশ্বকাপলৈ ভাৰতে প্ৰেৰণ কৰিব ৩ টা দল ! 
ক্রীড়া-জগত

টি-২০ বিশ্বকাপলৈ ভাৰতে প্ৰেৰণ কৰিব ৩ টা দল !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চলি আছে আই পি এল-২০২৪। আই পি এলৰ মাজতেই চলিত মাহৰ শেষৰফালে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ নিৰ্বাচক সমিতিয়ে বিশ্বকাপৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰিব। এই দলটোত কোনে কোনে স্থান পাব পাৰে তাক লৈ চলি আছে নানান জল্পনা, কল্পনা।

অৱশ্যে দলটোৰ অধিনায়ক ৰোহিত শৰ্মাই হ'ব বুলি বি চি চি আইৰ সচিব জয় শ্বাহে ইতিমধ্যে ঘোষণা কৰিছে। সেয়ে দলটোৰ বাকী সদস্যসকলক লৈ সৃষ্টি হৈছে নানান চৰ্চা। বিশ্বকাপত স্থান পাবৰ বাবেই আই পি এলত বহু তাৰকা ক্ৰিকেটাৰেই উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছে।

বহু কেইজন তৰুণ ক্ৰিকেটাৰেও নিজকে ভাৰতীয় দলটোৰ বাবে যোগ্য বুলি নিজৰ প্ৰদৰ্শনৰ জৰিয়তে দাঙি ধৰিছে। কেৱল ভাৰতেই নহয়, ভাৰতৰ বাহিৰতো এতিয়া ভাৰতৰ বিশ্বকাপ দলটোক লৈ নানান জল্পনা কল্পনা।

ৰোহিতৰ লগত বিৰাট কোহলি নে যশস্বী জয়ছোৱালে অপেনিং কৰিব, উইকেট কীপাৰ হিচাপে কোন যাব? পণ্ট, সঞ্জু নে দীনেশ কাৰ্তিক? অলৰাউণ্ডাৰ হিচাপে পাণ্ডিয়া নে শুভম ডুবেয়ে পাব স্থান? ৰিয়ান, ৰিংকুকো নিব নেকি দলটোৰ লগত? বেগী বলাৰ, স্পীনাৰ হিচাপে কাক কাক স্থান দিব? এই সকলোবোৰ প্ৰশ্ন এতিয়া অনুৰাগীৰ মুখে মুখে।

এনে প্ৰশ্নৰ মাজতে আকৌ চৰ্চাত থকা প্ৰায়বোৰ ক্ৰিকেটাৰেই তেওঁলোকৰ উন্নত প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰিছে। সেয়ে নিৰ্বাচকৰ বাবেও এতিয়া দল বাঁচনি কৰা এক প্ৰকাৰে প্ৰত্যাহ্বান হৈ পৰিছে। এই প্ৰত্যাহ্বান উফৰাই ভাৰতে কিদৰে বিশ্বকাপৰ বাবে দল প্ৰেৰণ কৰিব তাৰ পূৰ্বানুমান কৰিছে অলিম্পিক পদক অৰ্জনকাৰী স্প্ৰিণ্টাৰ য়'হান ব্লেকে।

এইগৰাকী জামাইকান স্প্ৰিণ্টাৰে উছেইন বল্টৰ সৈতে একেলগে অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰিছিল। জামাইকাৰ এইগৰাকী খেলুৱৈ আকৌ ভাৰতীয় ক্ৰিকেটৰ অন্ধ অনুৰাগী। তেওঁৰ মতে বিশ্বকাপলৈ ভাৰতে মুঠ ৩ টা দল প্ৰেৰণ কৰিব।

তেওঁ এক্সত লিখিছে, ভাৰতৰ টি-২০ বিশ্বকাপৰ দল গঠন কৰাটো অবিশ্বাস্যভাৱে প্ৰত্যাহ্বামূলক হৈ পৰিছে। ভাৰতত প্ৰতিভাৰ অভাৱ নাই। ভাৰতত ইমান প্ৰতিভা দেখি, এনে লাগিছে যেন তেওঁলোকে বিশ্বকাপলৈ তিনিটা দল প্ৰেৰণ কৰিব।

উল্লেখ্য যে, টি-২০ বিশ্বকাপত গ্ৰুপ 'এ'ত আছে ভাৰত। ভাৰতৰ সৈতে এই গ্ৰুপত আছে পাকিস্তান, আয়াৰলেণ্ড, কানাডা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ। ৫ জুনত নিউয়ৰ্কত ভাৰতে প্ৰথমখন মেচ আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিব। ৯ জুনত ভাৰত আৰু পাকিস্তানৰ হাইভল্টেজ মেচ। সেইদৰে ১২ জুনত মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ১৫ জুনত কানাডাৰ সৈতে আছে ভাৰতৰ গ্ৰুপ পৰ্যায়ৰ মেচ।