ক্রীড়া-জগত

উইলমাৰ জৰ্ডান গীলৰ হেটট্ৰিকঃ নৰ্থ-ইষ্ট ইউনাইটেড এফ চি ছেমি ফাইনেলত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ক্ৰমে উত্থানৰ দিশে নৰ্থ-ইষ্ট ইউনাইটেড এফ চি। কেৰালাত চলি আছে হিৰো চুপাৰ কাপ ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত নৰ্থ-ইষ্ট ইউনাইটেডে চাৰ্চিল ব্ৰাডাৰ্ছক পৰাস্ত কৰে।

এই জয়ৰে নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰে। গ্ৰুপ 'ডি'ৰ অন্তিম মেচখনত নৰ্থ-ইষ্ট ইউনাইটেডে ৬-৩ গ'লত চাৰ্চিল ব্ৰাডাৰ্ছক পৰাস্ত কৰে। মেচখনত নৰ্থ-ইষ্ট ইউনাইটেডৰ উইলমাৰ জৰ্ডান গীলে হেটট্ৰিকসহ মুঠ ৪টা গ'ল দিয়ে।

বাকী দুটা গ'ল দিয়ে গনি নিগাম আৰু জিথিন এছ এছে। শনিবাৰে হিৰো চুপাৰ কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত নৰ্থ-ইষ্ট ইউনাইটেড ওড়িশা এফ চিৰ মুখামুখি হ'ব।