জিণ্টিমণিলৈ নীতা আম্বানিৰ বিশেষতকৈ বিশেষ সন্মান...
জিণ্টিমণিলৈ নীতা আম্বানিৰ বিশেষতকৈ বিশেষ সন্মান... 
ক্রীড়া-জগত

জিণ্টিমণিলৈ নীতা আম্বানিৰ বিশেষতকৈ বিশেষ সন্মান: চাওঁক ভিডিঅ'...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মুম্বাই ইণ্ডিয়ানছৰ হৈ ৱ'মেন প্ৰিমিয়াৰ লীগ খেলি থকা অসমৰ জিণ্টিমণি কলিতাক ভূয়সী প্ৰশংসা ফ্ৰেঞ্চাইজিটোৰ স্বত্বাধিকাৰী নীতা আম্বানিৰ। ডব্লিউ পি এলৰ শীৰ্ষ ৩ ত আনুষ্ঠানিক ভাৱে প্ৰৱেশ কৰা মুম্বাই ইণ্ডিয়ানছৰ পোষ্ট মেচ মিটিঙত নীতা আম্বানিয়ে দলটোক শীৰ্ষ-৩ ত প্ৰৱেশ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা খেলুৱৈসকলক 'বেজেছ অফ অনৰ' সন্মান প্ৰদান কৰে।

দলটোৰ অল ৰাউণ্ডাৰ এমেলিয়া কেৰ, নাট চাইভাৰ ব্ৰান্ট আৰু য়াছটিকা ভাটিয়লৈ এই সন্মান প্ৰদান কৰিছে। শেহতীয়া মেচখনত এমেলিয়াই ৪ অভাৰ বল কৰি মাত্ৰ ১৮ ৰাণৰ বিনিময়ত ২ উইকেট লাভ কৰিছিল।

নাট চাইভাৰ ব্ৰাণ্টে ৪ অভাৰ বল কৰি ২১ ৰাণৰ বিনিয়মত ৩ উইকেট দখল কৰিছিল। আনহাতে মেচখনত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছিল উইকেট কীপাৰ বেটছমেন য়াছটিকা ভাটিয়াই।

এই তিনিওগৰাকী খেলুৱৈলৈ আগবঢ়োৱা হৈছে বেজেছ অফ অনৰ। আনহাতে মেচখনত এটা জটিল কেচ ধৰি অসমৰ জিণ্টিমণি কলিতাই ক্ৰিকেট বিশেষজ্ঞৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল।

খেল পথাৰত দেখুওৱা এনে প্ৰদৰ্শনৰ বাবে জিণ্টিমণিলৈ বিশেষ সন্মান আগবঢ়ায় দলটোৱে। সন্মান প্ৰদানৰ পূৰ্বে জিণ্টিমণিক ভূয়সী প্ৰশংসা কৰিলে নীতি আম্বানীয়ে।