ক্রীড়া-জগত

ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত সোণৰ পদক দখল তেজপুৰৰ প্ৰশান্ত তামুলীৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় আৰ্ম ৰেছলিঙ (পাঞ্জা) চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন তেজপুৰৰ প্ৰশান্ত তামুলীৰ। বাংগালুৰুত ভাৰতীয় আৰ্ম ৰেচলিং নিয়ন্ত্ৰণ ব'ৰ্ড (বি চি এ আই)এ আয়োজন কৰা উক্ত প্ৰতিযোগিতাত অসম সন্তানগৰাকীয়ে ২ টাকৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়।

যোৱা ১৯ মে'ত অসম সন্তানগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পদক লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, দিব্যাংগ প্ৰশান্ত তামুলীয়ে মালয়েছিয়াৰ কুয়ালালামপুৰত অনুষ্ঠিত এক যোগ্যতা নিৰ্ণায়ক মেচত ইণ্টাৰনেচনেল ফেডাৰেচন অৱ আৰ্ম ৰেচলিং (আই এফ এ ) বিশ্ব আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হয় ।

সেই অনুসৰি অহা ২৬ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ লৈ মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া বিশ্ব আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপত প্ৰসন্ত তামুলীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিব।