অৱসৰ ল'ব ধোনিয়ে ! ক'লে তেওঁৰ কেৰিয়াৰৰ অন্তিম পৰ্যায়ৰ কথা...
অৱসৰ ল'ব ধোনিয়ে ! ক'লে তেওঁৰ কেৰিয়াৰৰ অন্তিম পৰ্যায়ৰ কথা...  
ক্রীড়া-জগত

অৱসৰ ল'ব ধোনিয়ে ! ক'লে তেওঁৰ কেৰিয়াৰৰ অন্তিম পৰ্যায়ৰ কথা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পাছত এইবাৰ আই পি এলো ত্যাগ কৰিব মহেন্দ্ৰ সিং ধোনিয়ে! চেন্নাই চুপাৰ কিংছৰ অধিনায়কগৰাকী আই পি এলৰে অন্যতম সফল অধিনায়ক হিচাপে পৰিগণিত হৈছে।

তেওঁৰ নেতৃত্বতে দলটোৱে ৪ বাৰকৈ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। সেইগৰাকী ধোনিয়েই এতিয়া অৱসৰৰ ইংগিত প্ৰদান কৰিছে। তেওঁ মানি লৈছে তেওঁৰ বয়স বৃদ্ধি কহোৱাৰ কথা।

শুকুৰবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰে খেলা মেচখনৰ পাছতে মহেন্দ্ৰ সিং ধোনিয়ে প্ৰকাশ কৰিছে যে, তেওঁ কেৰিয়াৰৰ অন্তিম পৰ্যায়ত আছে।

উল্লেখ্য যে, শুকুৰবাৰে খেলা মেচখনত চি এছ কেয়ে হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। মেচখনত ১৩৫ ৰাণৰ লক্ষ্য অনুসৰণ কৰি চি এছ কেয়ে অতি সহজে বিজয় সাব্যস্ত কৰে।

দলটোৱে ৮ টা বল বাকী থকাৰ অৱস্থাতে ডেভন কনৱে’ৰ অপৰাজিত ৫৭ ৰাণ, ঋতুৰাজৰ ৩৫ ৰাণৰ সহায়ত এই বিজয় লক্ষত উপনীত হয়।ঘৰুৱা ষ্টেডিয়ামত ঘৰুৱা দৰ্শকৰ সন্মুখত খেলা মেচখনত দলটোৱে পূৰ্বৰ দৰেই অভূতপূৰ্ব সমৰ্থন লাভ কৰে।

মেচৰ অন্তত ধোনিয়ে কয়, সকলোৱে কৈছিল আৰু কৰিছিল এয়া মোৰ কেৰিয়াৰৰ অন্তিম পৰ্যায়। মই ইয়াক মানি লৈছো। তেওঁ পুনৰ কয়, দুবছৰৰ পাছত অনুৰাগীসকলে ষ্টেডিয়ামলৈ অহাৰ সুযোগ লাভ কৰিছে আৰু খেল চাইছে। ইয়াত থাকি ভাল লাগিছে। দৰ্শকে আমাক বহু মৰম, স্নেহ দিছে।

উল্লেখ্যে ২০২০ ত মহেন্দ্ৰ সিং ধোনিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ৪১ বৰ্ষীয় ক্ৰিকেটাৰগৰাকীয়ে ২০২২ ৰ ছিজনতেই আই পি এলৰ পৰা অৱসৰ গ্ৰহণ কৰিব বুলি প্ৰকাশ পাইছিল যদিও তেওঁ অৱসৰৰ কোনো ইংগিত দিয়া নাছিল।

চলিত আই পি এলত ধোনিৰ অৱসৰৰ বিষয়টোৱে বৰ বিশেষ চৰ্চা লাভ কৰা নাই। এইবাৰ তেওঁ বেটিং কৰাৰ যি সীমিত সুযোগ লাভ কৰিছে সেই সুযোগৰ সদ ব্যৱহাৰ কৰি ফিনিচাৰ হিচাপে তেওঁৰ যি এক সুনাম আছিল সেই সুনাম ধৰি ৰাখিবলৈ সক্ষম হৈছে।

ধোনিয়ে বেটিং কৰিবলৈ ক্ৰিজত নমাৰ সময়তে জিঅ' চিনেমাত দৰ্শকেও নিত্য, নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। চলিত ছিজনত এই পৰ্যন্ত দলটোৱে মুঠ ৬ খন মেচ খেলিছে আৰু ইয়াৰ ভিতৰত ৪ খন মেচ জয় কৰি ৮ পইণ্ট অৰ্জন কৰিছে। যাৰ জৰিয়তে দলটো পইণ্ট টেবুলৰ তৃতীয় স্থানত আছে।