ক্রীড়া-জগত

বিদায় মাগিলে পি এছ জিৰ পৰা, বাৰ্ছিলোনাই লাভ কৰিলে সেউজ সংকেত

Asomiya Pratidin

ডিজিটেল ডেস্ক : লিয়নেল মেছি । সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ সকলৰ অন্যতম এটি নাম । ফুটবল বিশ্বৰ প্ৰায় প্ৰতিটো খিতাপেই নিজৰ দখলত । শেহতীয়াকৈ বিশ্বকাপৰ খিতাপ দখল কৰাৰ পাছতেই যেন সম্পূৰ্ণ হৈ উঠিল খেলুৱৈগৰাকী । আতৰিল দেশৰ হৈ সফল হ'ব নোৱাৰাৰ অভিযোগৰ দাগ । সেই মেছিয়েই ২০২১ চনত ফ্ৰান্সৰ ক্লাব পি এছ জিত যোগদান কৰিছিল অশ্ৰুসিক্ত নয়নেৰে । কাৰণ বাৰ্চিলোনাত ২১ বছৰ খেলাৰ অন্তত কেৱল অৰ্থনৈতিক কাৰণত ক্লাবটো এৰিবলৈ বাধ্য হৈছিল খেলুৱৈগৰাকী ।

তাৰ পাছৰে পৰাই বাৰ্ছিলোনাৰ প্ৰতিগৰাকী অনুৰাগীয়েই ক্লাবটোৰ জাৰ্ছীত মেছি আকৌ এবাৰ চাবলৈ উত্ৰাৱল হৈ আছিল । অন্তত : অৱসৰ গ্ৰহণৰ পূৰ্বে কেৰিয়াৰৰ অন্তিমখন মেছ খেলিবলৈ হ'লেও আহক খেলুৱৈজন । কেম্প নৌত পুনৰ এবাৰ দুভৰিৰ যাদুত মোহাচ্ছন্ন হওক সমগ্ৰ বিশ্ব । কিন্তু সেইয়া সম্ভৱ হৈ উঠা নাছিল স্পেইনৰ লা-লীগাৰ অৰ্থনৈতিক নিয়ম-নীতিসমূহৰ বাবে । প্ৰতি বছৰেই স্পেইনৰ প্ৰতিটো ক্লাবে এক নিৰ্দিষ্ট পৰিমাণৰ ধন হে ব্যয় কৰিব পাৰে খেলুৱৈসকলৰ নামত । মেছিৰ বৃদ্ধি পায় অহা পাৰিশ্ৰমিকৰ বাবে সেইয়া সম্ভৱ হৈ উঠা নাছিল বাৰ্ছিলোনাৰ ক্ষেত্ৰত । যাৰ বাবেই ক্লাবটো এৰিবলৈ বাধ্য হৈছিল খেলুৱৈগৰাকী ।

কিন্তু ফুটবল জগতৰ যাদুকৰ গৰাকীৰ ক্লাবটোলৈ প্ৰত্যাৱৰ্তন সম্ভৱ হৈ উঠাৰ দিশে এতিয়া । লা-লীগাই ইতিমধ্যে কিছু শিঠিলতা প্ৰদৰ্শন কৰিছে ক্লাবটোক, যাতে মেছিক ক্ৰয় কৰিব পাৰে পুনৰ এবাৰ । মেছিক ক্ৰয় কৰিবৰ বাবে বাৰ্ছিলোনাই ইতিমধ্যে এন্ট'নিঅ' গ্ৰিজমেনক বিক্ৰী কৰা ধন, পিকে, বুস্কেটছ, আলবাৰ অৱসৰৰ ধন সাঁচি ৰখা বুলি জনাইছে ক্লাবটোৰ কৰ্তৃপক্ষই ।

ইতিমধ্যে বাৰ্ছিলোনাৰ বাস্কেটবল ক্লাবটোৰো কিছু ধন জমা হৈ মুঠ পৰিমাণ হৈছেগৈ প্ৰায় ৪০ মিলিয়ন ইউৰো । এই ধনেৰেই মেছিক ক্ৰয় কৰাৰ ওপৰিও পূৰ্বৰ চুক্তি নতুনকৈ কৰিব লাগিব ক্লাবটোৰ মিডফিল্ডাৰ গাভি আৰু ডিফেণ্ডাৰ আৰাঔজ'ৰ । তাৰ ওপৰিও বহু কেইগৰাকী খেলুৱৈ বিক্ৰীও কৰিব লাগিব আগন্তুক ট্ৰেন্সফাৰ ছীজনত । যাৰ বাবে বাদ পৰিব পাৰে গুৰুত্বপূৰ্ণ খেলুৱৈ আনছু ফাটি, ৰাফিনহা্ৰ দৰে খেলুৱৈ ।

সন্মুখত কেইবাটাও বাধা, কিন্তু বাৰ্ছিলোনাত মেছিৰ ভৱিষ্যত সম্পৰ্কে আশাবাদী ক্লাবটো । ফুটবল জগতৰ যাদুকৰ গৰাকী উভতি আহক নিজৰ ক্লাবলৈ, যি ক্লাবে মেছিক সফলতা দিলে আৰু যি ক্লাবক মেছিয়ে ট্ৰ'ফী দিলে ।

আকৌ এবাৰ ৰঙা-নীলা আঁচ পৰা জাৰ্ছীত দেখা পোৱাৰ আশাত বন্দী সকলো...