মেচৰ পূৰ্বেই পৰাজয় স্বীকাৰ KKR-ৰ অধিনায়কৰ...
মেচৰ পূৰ্বেই পৰাজয় স্বীকাৰ KKR-ৰ অধিনায়কৰ... 
ক্রীড়া-জগত

মেচৰ পূৰ্বেই পৰাজয় স্বীকাৰ KKR-ৰ অধিনায়কৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মেচৰ পূৰ্বেই পৰাজয় স্বীকাৰ কৰিলে শ্বাহৰুখ খানৰ কেকেআৰে। আজি আহমেদাবাদত অনুষ্ঠিত আই পি এলৰ ১৩ সংখ্যক মেচখনত টছৰ পিছতেই এক প্ৰকাৰে পৰাজয় স্বীকাৰ কৰি ল'লে কলকাতাৰ অধিনায়ক নীতিশ ৰাণাই।

গুজৰাট টাইটানছৰ বিৰুদ্ধে আজি কেকেআৰে আহমেদাবাদত খেলপথাৰত অৱতীৰ্ণ হৈছে। গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ অনুপস্থিতিত দলটোৰ নেতৃত্ব বহন কৰিছে আফগানিস্তানৰ তাৰকা ক্ৰিকেটাৰ ৰছিদ খানে।

মেচখনৰ আৰম্ভণিৰ পূৰ্বেই কৰা টছত জয় লাভ কৰি ৰছিদ খানে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেয়ে নীতিশ ৰাণাই এক প্ৰকাৰে পৰাজয় স্বীকাৰ কৰি ল'লে।

কিয়নো নীতিশ ৰাণাই টছৰ ওপৰত নিৰ্ভৰ কৰিয়েই খেলপথাৰত নামিবলৈ আহিছে। এই কথা তেওঁ নিজেই স্বীকাৰ কৰিছে। টছৰ পিছতেই নীতিশ ৰাণাই কয়, বতৰ আৰু পৰিস্থিতিৰ বাবে আমিও প্ৰথমে বেটিং কৰিব বিচাৰিছিলো। মই ভাবিছিলো প্ৰতিৰক্ষা কৰাটো সহজ হ'ব পাৰে।

তেওঁ কয় যে, প্ৰথমে বেটিং কৰাটোৱেই বুদ্ধিমত্তাৰ কাম হ’ব আৰু দ্বিতীয়াৰ্ধত স্পীনাৰসকলে পীটছৰ সুযোগ গ্ৰহণ কৰিব পাৰিব।