ক্রীড়া-জগত

অনিশ্চয়তাত আই পি এল ! ক্ৰিজত প্ৰৱেশ কোৰোনাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ আই পি এলত প্ৰৱেশ কৰিলে কোৰোনাই। দিল্লীৰ কেপিটেলছৰ এগৰাকী ফিজিঅ' থেৰাপিষ্ট কোৰোনাত আক্ৰান্ত হোৱাৰ পিছে আন এজন বিদেশী খেলুৱৈ কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰিছে। প্ৰথমে দলটোৰ ফিজিঅ' পেট্ৰিক ফাৰহাৰ্ট কোৰোনাত আক্ৰান্ত হৈছিল। ইয়াৰ পিছতে দলটোৰ এগৰাকী বিদেশী খেলুৱৈৰ দেহত কোৰোনাত অৱস্থিতি নিশ্চিত কৰা হৈছে।

দিল্লী কেপিটেলছৰ প্ৰতিগৰাকী খেলুৱৈক বৰ্তমান কোৱাৰেণ্টাই কৰা হৈছে। প্ৰতিজন খেলুৱৈ নিজা নিজা কোঠাত আৱদ্ধ হৈ আছে। দুদিন পিছত তেওঁলোক সকলোৰে কোৰোনা পৰীক্ষা কৰা হ'ব। তাৰ পিছতে তেওঁলকোৰ পৰৱৰ্তী খেলৰ বাবে ৰাওনা হ'ব। বৰ্তমান দলটোৰ পুনেৰ ভ্ৰমণ স্থগিত ৰখা হৈছে।

উল্লেখ্য যে দিল্লী কেপিটেলছৰ পৰৱৰ্তী মেচ আছিল পঞ্জাৱ কিংছৰ বিৰুদ্ধে। ২০ এপ্ৰিলত পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল সেই মেচখন। কিন্তু দলটোৰ সদস্যৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰাত এতিয়া অনিশ্চয়তাত সেই মেচখন। অৱশ্যে সূত্ৰ অনুসৰি দুদিন পিছত কোৰোনাৰ পৰীক্ষা কৰাৰ পিছত যিসকলৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা নপৰে তেওঁলোকক পুনেলৈ প্ৰেৰণ কৰা হ'ব।