ৰাষ্ট্ৰীয়তাবাদে আমুৱালে ! আঞ্চলিকতাবাদী ৰাজনীতি কৰিবলৈ অগপত যোগদান পাৰ্থ প্ৰতিম বৰাৰ…

ৰাষ্ট্ৰীয়তাবাদে আমুৱালে ! আঞ্চলিকতাবাদী ৰাজনীতি কৰিবলৈ অগপত যোগদান পাৰ্থ প্ৰতিম বৰাৰ…

ডিজিটেল ডেস্কঃ কংগ্ৰেছ ত্যাগী পাৰ্থপ্ৰতিম বৰাই যোগদান কৰিলে অগপত। কংগ্ৰেছক সমালোচনা কৰি কেইদিনমানৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰা এইগৰাকী কংগ্ৰেছী নেতাই আমবাৰীস্থিত অগপ কাৰ্যালয়ত অগপত যোগদান কৰি পুনৰ কংগ্ৰেছ দলটোৰ বিৰুদ্ধে কটু মন্তব্য কৰে।

পাৰ্থ প্ৰতিম বৰাৰ মতে কংগ্ৰেছ দলটো এতিয়া দল হৈ থকা নাই। কংগ্ৰেছ এতিয়া এটা ক্লাবলৈ ৰূপান্তৰ হৈছে। কংগ্ৰেছৰ শীৰ্ষ নেতাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি আছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে, দেওবাৰে কংগ্ৰেছ ত্যাগ কৰি কলকাতাত তৃণমূল কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন সাংসদ তথা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাইও কংগ্ৰেছৰ নেতাই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি অহাৰ কথা কৈছিল।

গুৱাহাটীৰ আমবাৰীস্থিত অগপৰ কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত পাৰ্থ প্ৰতিম বৰাই দলটোত যোগদান কৰে। তেওঁক দললৈ আদৰণি জনাই অগপৰ সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। আনহাতে এই অনুষ্ঠাত উপস্থিত থাকে অগপৰ নেতা মনোজ শইকীয়া, ডঃ তপন দাস আদি।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সৈতে জড়িত পাৰ্থ প্ৰতিম বৰা আছিল এন এছ ইউ আইৰ ৰাজ্যিক সভাপতি। তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকা সময়ত তেওঁ এন এছ ইউ আইৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব পালন কৰাৰ লগতে দীৰ্ঘসময় ধৰি কংগ্ৰেছী ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

পাৰ্থ প্ৰতিম বৰাক দললৈ আদৰণি জনাই অতুল বৰাই কয় যে, অসমত আঞ্চলিকতাবাদক সুৰক্ষিত আৰু শক্তিশালী কৰি ৰখা একমাত্ৰ ৰাজনৈতিক দল হৈছে অসম গণ পৰিষদ। দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ব'হাগৰ শুভক্ষণত আজি অসম প্ৰদেশ কংগ্ৰেছৰ নেতা শ্ৰী পাৰ্থপ্ৰতীম বৰাই আনুষ্ঠানিকভাৱে আমাৰ দলত যোগদান কৰে। তেওঁক আমাৰ দললৈ আন্তৰিক স্বাগতম জনাওঁ।আশা কৰোঁ- তেখেতৰ যোগদানে নতুন প্ৰজন্মক আঞ্চলিকতাবাদৰ প্রতি আকৃষ্ট তথা উৎসাহিত কৰিব আৰু অসম গণ পৰিষদক শক্তিশালী কৰাত তেখেতে সবল ভূমিকা পালন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in