ক্রীড়া-জগত

ৰাহুলৰ বেটিং ধুমুহাত বিধ্বস্ত মুম্বাই…

asomiyapratidin

ডিজিটেল ডেস্কঃ লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰ অধিনায়ক কে এল ৰাহুলৰ বেটিং ধুমুহাত পুনৰবাৰ পৰাজয়ৰ মুখ দেখিবলৈ বাধ্য হ'ল ৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ। ধাৰাবাহিকভাৱে চলিত আই পি এলত মুঠ ৬ বাৰ পৰাস্ত হ'ল মুম্বাই ইণ্ডিয়ানছ। দলটোৱে এতিয়ালৈকে দেখা নাই জয়ৰ মুখ। শনিবাৰে আই পি এলৰ প্ৰথমখন মেচত এল এছ জিয়ে মুম্বাই ইণ্ডিয়ানছক ১৮ ৰাণত পৰাস্ত কৰিছে।

প্ৰথমে বেটিং কৰিবলৈ আহি অধিনায়ক কে এল ৰাহুলৰ শতকিয় ইনিংছৰ সহায়ত এল এছ জিয়ে ২০০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ইয়াৰ পিছতে বেটিং কৰিবলৈ আহি মুম্বাই ইণ্ডিয়ানছে ১৮১ ৰাণত ৯ উইকেট হেৰুৱাই পৰাজয় বৰণ কৰে। দলটোৰ হৈ সূৰ্য কুমাৰ যাদৱে সৰ্বাধিক ৩৭ ৰাণ সংগ্ৰহ কৰে।

এল এছ জিয়ে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি ২০ অভাৰত ৪ উইকেট হেৰুৱাই ১৯৯ ৰাণ সংগ্ৰহ কৰে। অধিনায়ক কে এল ৰাহুলে আই পি এলত তেওঁৰ তৃতীয়টো শতক অৰ্জন কৰে। ৰাহুলে ১০৩ ৰাণৰ অপৰাজিত ইনিংছ উপহাৰ দিয়ে।