ক্রীড়া-জগত

আঘাতপ্ৰাপ্ত ৰিয়ান পৰাগ : ডেনিছ দাসক অধিনায়কৰ দায়িত্ব

Asomiya Pratidin

ডিজিটেল ডেস্ক : চলিত ৰঞ্জী ছিজনত বিপদত পৰিব পাৰে অসম দল। নিয়মীয়া অধিনায়ক তথা দলৰ অন্যতম প্ৰভাৱশালী ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ অনুপস্থিতিয়ে বিপদত পেলাব পাৰে দলটোক।

বংগৰে হোৱা মেচখনত আঘাপপ্ৰাপ্ত হৈ দলৰ পৰা বাদ পৰিছে ৰিয়ান। সেয়ে ২ ফেব্ৰুৱাৰীৰ পৰা উত্তৰপ্ৰদেশৰ বিৰুদ্ধে হ'বলগীয়া মেচখনত দেখিবলৈ পোৱা নাযাব প্ৰতিভাৱান খেলুৱৈগৰাকীক।

কান্ধত গুৰুতৰভাৱে আঘাত পোৱা ৰিয়ানৰ স্থানত ডেনিছ দাসক অধিনায়কৰ দায়িত্ব দিয়া হৈছে। চলিত ছিজনত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা ৰিয়ানৰ প্ৰভাৱ অসম দলত বাৰুকৈয়ে পৰিব বুলিও ক্ৰীড়াপ্ৰেমীৰ মাজত চৰ্চিত হৈছে।