ক্রীড়া-জগত

ইতিহাস সৃষ্টিৰে ভাৰতৰ নীৰজ চোপ্রাৰ স্বৰ্ণপদক দখল

Asomiya Pratidin

ডিজিটেল ডেস্ক : ইতিহাস সৃষ্টিৰে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ নীৰজ চোপ্রাই স্বৰ্ণপদক দখল কৰে। বিশ্ব চেম্পিয়নশ্বিপত একাধিক পদক লাভ কৰি নীৰজে প্রথম ভাৰতীয় খেলুৱৈ হিচাপে কৃতিত্ব অৰ্জন কৰে।

৮৮.১৭ মিটাৰ জেভলিন নিক্ষেপ কৰি নীৰজ চোপ্রাই স্বৰ্ণ পদক দখল কৰে। ইফালে ৮৭.৮২ মিটাৰেৰে পাকিস্তানৰ নদীমে ৰূপৰ পদক অৰ্জন কৰে। নীৰজ চোপ্ৰাৰ উপৰি আন এগৰাকী ভাৰতীয় কিশোৰ জিনাৰে প্ৰতিযোগিতাত পঞ্চম স্থান দখল কৰে। তেওঁ ৮৪.৭৭ মিটাৰ দলিয়াই পঞ্চম স্থান অধিকাৰ কৰে। আনহাতে ৮৪.১৪ মিটাৰেৰে ডি পি মনুই ষষ্ঠ স্থান দখল কৰে।