ক্রীড়া-জগত

এছিয়া কাপৰ পৰা বাহিৰ হ’ব নেকি কে.এল ৰাহুল…

asomiyapratidin

ডিজিটেল ডেস্ক : অহা ২৭ আগষ্টৰ পৰা ইউ.এ.ইত অনুষ্ঠিত হ'ব লগা এছিয়া কাপ- ২০ৰ বাবে সাজু খেলুৱৈ। কিন্তু এই ক্ষেত্ৰত ভাৰতৰ দলত এতিয়াও অব্যাহত আছে খেলুৱৈ বাচনি প্ৰক্ৰিয়া। কোন খেলুৱৈ খেলিব এইবাৰৰ এছিয়া কাপ। ভাৰতৰ ক্ৰিকেট দলৰ অন্যতম বেটছমেন কে.এল ৰাহুল যোৱা কেইমাহমান ধৰি অসুস্থ হৈ থকাৰ বাবে খেলত অংশ লোৱা নাছিল।

কিন্তু এছিয়া কাপ ক্ৰিকেটত কে.এল ৰাহুলে খেলিব নে নেখেলে তাক লৈ চিন্তা-চৰ্চা চলি আছিল। বৰ্তমানেও এছিয়া কাপ টুৰ্নামেন্ট খেলিবলৈ কে.এল ৰাহুল ইউ.এ.ই লৈ যাব নে নাযায় সেয়া সিদ্ধান্ত হোৱা নাই। ভাৰতৰ ১৫ গৰাকী খেলুৱৈৰ ভিতৰত কে.এল ৰাহুলৰ দুৰ্দান্ত বেটিঙে মন আকৰ্ষন কৰিছিল দৰ্শকক।

কিন্তু দলটোৰ হৈ কে.এল ৰাহুলে এইবাৰ খেলিব নে নেখেলে তাক লৈ এতিয়াও সিদ্ধান্তত উপনীত হ'ব পৰা নাই বি.চি.চি.আই। ৰাহুলে এই.এ.ইলৈ যোৱাৰ আগত কৰাব লাগিব স্বাস্থ্যৰ পৰীক্ষা। স্বাস্থ্য পৰীক্ষাৰ পাছতহে অহা সপ্তাহত সিদ্ধান্ত ল'ব।