পৌৰ সভাৰ আবাসীয়ে কৰিব লাগিব সম্পত্তিৰ স্ব-মূল্যায়ন…

পৌৰ সভাৰ আবাসীয়ে কৰিব লাগিব সম্পত্তিৰ স্ব-মূল্যায়ন…

প্ৰতিদিন ডিজিটেল সংবাদ, নামৰূপ : পৌৰসভা আবাসীয়ে চৰকাৰক দিব লাগিব সম্পত্তিৰ কৰ। সংবাদ মেল পাতি ৰাইজৰ সহযোগ বিচাৰিলে নামৰূপ পৌৰসভাই। অসম  চৰকাৰৰ  ২০১১ পৌৰসভা সংশোধনী  আইন অধীনত   পৌৰসভা এলেকাত  বাস কৰা  বাসিন্দা সকলে গৃহ ভূমিৰ  সম্পত্তি পুনৰ মূল্যায়ন কৰা আৰু কৰ নিৰ্ধাৰণ কৰাৰ বাবে জৰীপ আৰু মূল্যায়ন কৰাৰ  সিদ্ধান্ত  কৰিছে ।

তাৰ পৰিপ্ৰেক্ষিতত  মঙলবাৰে বিয়লি নামৰূপ পৌৰসভা কাৰ্য্যালয়ত এক সংবাদমেল আহ্বান কৰি উক্ত চৰকাৰৰ এই প্ৰক্ৰিয়াত সহযোগ আগবঢ়াবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাই নামৰূপ পৌৰসভাই । সংবাদমেলত পৌৰসভাৰ কার্যবাহী বিষয়া কৌস্তুভ কলিতায়ে জনায় যে  এই বিষয়ত প্ৰথমে পৌৰসভাৰ অন্তৰ্ভুক্ত প্ৰতিটো ঘৰৰ মূল্যায়ন আৰু জৰীপ  চলোৱা হ'ব।  ইয়াৰ বাবে জিলা উপয়ুক্তক চেয়াৰমেন হিচাপে লৈ এখন কমিটি গঠন কৰা হৈছে।  পৌৰ সভাৰ অধীনৰ পথ সমূহৰ ভিত্তিত বাসিন্দা সকলৰ ঘৰ আৰু ভূমিৰ কৰ নিৰ্ধাৰণ কৰা হ'ব।

লগতে বিষয়া গৰাকীয়ে কয় যে  বুধবাৰ অৰ্থাৎ ১০ আগষ্টৰ পৰা এমাহৰ ভিতৰতে পৌৰসভাৰ বাসিন্দা সকলে নিজা ভূমি আৰু গৃহৰ  স্ব-মূল্যায়ন কৰিব লাগিব বুলি উল্লেখ কৰে।  এই ক্ষেত্ৰত বুধবাৰৰ পৰা উপলব্ধ  হ'বলগীয়া মোবাইল এপ যোগে  অন্লাইনত তথ্য সমূহ আপলোড কৰিব পাৰিব।  তথ্য  সমূহ বিভাগীয় ভাবে  প্ৰতিপাদন  হোৱাৰ পিছত ২০ নৱেম্বৰত  শুদ্ধ তালিকা  প্ৰকাশ কৰা হ'ব বুলি জানিবলৈ দিয়ে। 

এই ক্ষেত্ৰত কোনো আপত্তি থাকিলে ২০ ডিচেম্বৰৰ ভিতৰত অৱগত কৰাৰো সুবিধা প্ৰদান কৰা হৈছে । চলিত বছৰৰ ৩১ ডিচেম্বৰত চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ পিছত  অহা বছৰ পহিলা এপ্ৰিলৰ পৰা কৰ সংগ্ৰহ প্ৰক্ৰিয়া কাৰ্যকৰী হ'ব বুলি সংবাদমেলত  প্ৰকাশ কৰে । মঙলবাৰে অনুষ্ঠিত হোৱা সংবাদমেলত নামৰূপ পৌৰসভাৰ সভাপতি প্ৰশান্ত গগৈ, উপ-সভাপতি নিতু সোনোৱাল, কণিষ্ঠ অভিযন্তা ৰক্তিম গগৈ উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in