দেওবাৰে নহয়, সোমবাৰলৈ পিছুৱাব এছিয়া কাপৰ ফাইনেল !
দেওবাৰে নহয়, সোমবাৰলৈ পিছুৱাব এছিয়া কাপৰ ফাইনেল !  
ক্রীড়া-জগত

দেওবাৰে নহয়, সোমবাৰলৈ পিছুৱাব এছিয়া কাপৰ ফাইনেল !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেওবাৰে নহয়, সোমবাৰলৈ পিছুৱাব পাৰে এছিয়া কাপৰ ফাইনেল ! এইবাৰ এছিয়া কাপৰ প্ৰায় প্ৰতিখন মেচতেই বৰষুণ আহিছে। ভাৰত-পাকিস্তানৰ মাজৰ দুয়োখন মেচতেই বৰষুণে দিলে বাধা।

ভাৰত-পাকিস্তানৰ গ্ৰুপ পৰ্যায়ৰ প্ৰথম মেচখন বৰষুণৰ বাবেই বাতিল কৰিবলগীয়া হৈছিল। দ্বিতীয় মেচখন সম্পূৰ্ণ কৰাত প্ৰয়োজন হ'ল দুটাকৈ দিনৰ। এইদৰেই প্ৰায় প্ৰতিখন মেচতেই বৰষুণে বাধা প্ৰদান কৰি আহিছে।

ফাইনেল মেচখনো নহ'ব ব্যতিক্ৰম ! এছিয়া কাপৰ ফাইনেল মেচখনত বৰষুণে পুনৰ দিব পাৰে বিধি পথালি। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যই ক্ৰিকেট অনুৰাগীৰ বাবে কঢ়িয়াই আনিছে বেয়া খবৰ।

প্ৰতিযোগিতাখনৰ ফাইনেল মেচখন দিনৰ ৩ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা। কিন্তু সেই সময়তে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনাই দেখা দিছে। বিভিন্ন ৱেৱছাইটত প্ৰকাশিত বাতৰি অনুসৰি দেওবাৰে বিয়লি বৰষুণ অহাৰ ৮০ ৰ পৰা ৯০ শতাংশ সম্ভাৱনা আছে।

ইয়াৰোপৰি সন্ধিয়া ৫ বজাৰ পৰা ৭ বজাৰ মাজতো আহিব পাৰে বৰষুণ। অৱশ্যে নিশাৰ ভাগত হ্ৰাস পাব বৰষুণৰ প্ৰকোপ। কিন্তু সেই সময়ত মেচখন সম্পূৰ্ণ কৰাটো সম্ভৱ নহ'বগৈ।  

শ্ৰীলংকাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি দেওবাৰে কলম্বুত দিনৰ ১ বজাৰ পৰাই বৰষুণ অহাৰ সম্ভাৱনা আছে। সেয়ে এনে পৰিস্থিতিত মেচখন সোমবাৰলৈ পিছুৱাই দিয়াৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে।

জানিব পৰা মতে দেওবাৰে যদি অতি কমেও ২০ অভাৰৰ খেল খেলিব পৰা নাযায় তেন্তে সোমবাৰলৈ মেচখন পিছুৱাই দিয়াটো নিশ্চিত। যদি সোমবাৰেও বৰষুণৰ বাবে মেচখন সম্পূৰ্ণ কৰিব পৰা নাযায় তেন্তে দুয়োটা ফাইনেলিষ্ট দলকে বিজয়ী ঘোষণা কৰা হ'ব।

উল্লেখ্য যে, ভাৰতে এই পৰ্যন্ত এছিয়া কাপত ৫ খন মেচ খেলিছে। ইয়াৰ ভিতৰত শুকুৰবাৰৰ ভাৰত-বাংলাদেশ মেচক বাদ দিলে প্ৰতিখন মেচতেই বৰষুণ আহিছে। ফলত মেচ স্থগিত ৰখাৰ উপৰিও বাতিল কৰিবলগীয়া হৈছে।

২০০২ ত শ্ৰীলংকাত অনুষ্ঠিত হোৱা চেম্পিয়নছ ট্ৰফীৰ সময়তো হৈছিল এনে পৰিস্থিতি। সেইবাৰো প্ৰতিযোগিতাখনৰ ফাইনেল পাইছিল ভাৰত আৰু শ্ৰীলংকাই। সেইবাৰৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ দিনটোৰ উপৰিও ৰিজাৰ্ভ ডে’ৰ দিনাও বৰষুণ অহাৰ বাবে মেচখন সম্পূৰ্ণ কৰিব পৰা নগল।

ফলত দুয়োটা দলকে যুগ্ম ভাৱে বিজয়ী ঘোষণা কৰা হৈছিল। ২০০২ ৰ সেই চেম্পিয়নছ ট্ৰফীৰেই এইবাৰ এছিয়া কাপত পুনৰাবৃত্তি হ'ব বুলিও বহুতেই আশংকা ব্যক্ত কৰিছে।