ক্রীড়া-জগত

মেচৰ শ্ৰেষ্ঠ ডুবে : ৬ উইকেটত জয়ী টীম ইণ্ডিয়া

Asomiya Pratidin

ডিজিটেল ডেস্ক : অধিনায়ক ৰোহিত শৰ্মা ব্যৰ্থ হ'লেও দলৰ জয়ত মুখ্য ভূমিকা পালন কৰিলে প্ৰতিভাৱান অলৰাউণ্ডাৰ শিৱম ডুবে। তেওঁৰ বিস্ফোৰক অৰ্ধশতকীয় ইনিংছৰ সহায়ত ভাৰতে লাভ কৰিলে ১-০ৰ অগ্ৰগতি।

আলহী দল আফগানিস্তানেৰে ভাৰতৰ মাটিত অনুষ্ঠিত হোৱা ৩খনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে ৬ উইকেটত বিজয় সাৱ্যস্ত কৰে। ম'হালিত অনুষ্ঠিত এই মেচখনত টছত জয়ী হৈ ভাৰতে ফিল্ডিং কৰে। বিপৰীতে আলহী দলটোৱে প্ৰথমে বেটিং কৰি ৫টা উইকেট হেৰুৱাই ১৫৮ ৰান সংগ্ৰহ কৰে।

দলটোৰ হৈ মহম্মদ নৱীয়ে সৰ্বাধিক ৪২ ৰান সংগ্ৰহ কৰে। উমৰজায় ২৯, অধিনায়ক ইব্ৰাহিন জাদ্ৰান ২৫ আৰু গুৰবাজে ২৩ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ মুকেশ কুমাৰ আৰু অক্ষৰ পেটেলে লাভ কৰে ২টাকৈ উইকেট।

প্ৰত্যুত্তৰত ভাৰতে ১৭.৩ অ'ভাৰতে মাত্ৰ ৪টা উইকেট হেৰুৱাই আফগানিস্তানে বান্ধি দিয়া বিজয় লক্ষ্য অতিক্ৰম কৰে। এই অগ্ৰগতিৰ মূলতে শিৱম ডুবেৰ বিস্ফোৰক অৰ্ধশতক। তেওঁ ৪০টা বলত ৬০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। আনহাতে উইকেট ৰক্ষক বেটাৰ জীতেশ শৰ্মা ৩১, তিলক বাৰ্মা ২৬ আৰু শুভমন গীলে ২৩ ৰানৰ বৰঙণি যোগায়। মেচৰ অন্তত শিৱম ডুবে প্লেয়াৰ অৱ দা মেচৰ সন্মান লাভ কৰে।