ক্রীড়া-জগত

শ্ৰেয়াছ-ৰাহুলৰ শতক,বেটে-বলে উজলিল ৰোহিত-বিৰাট

Asomiya Pratidin

ডিজিটেল ডেস্ক : এফালে শক্তিশালী টীম ইণ্ডিয়া আৰু আনফালে ক্ৰিকেটৰ শিশু নেদাৰলেণ্ডছ। ফলাফল কি হ'ব সেয়া শিশু এটাও অনুমান কৰিব পাৰে ! অৱশ্যে ক্ৰিকেট যে অনিশ্চিয়তাৰে ভৰা খেল। মেচ যে ভাৰতৰ হাতত সেয়া প্ৰথম ইনিংছ সমাপ্তিৰ পিছতে অনুমান কৰিব পৰা গৈছিল।

দেওবাৰে বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ভাৰত আৰু নেদাৰলেণ্ডছৰে অনুষ্ঠিত হৈছিল বিশ্বকাপ এদিনীয়াৰ লীগ পৰ্য্যায়ৰ অন্তিম মেচ। বিজয় ধাৰা অৱ্যহত ৰাখি টীম ইণ্ডিয়াই ১৬০ ৰানৰ ব্যৱধানত জয়লাভ কৰে।

ইনিংছ আৰম্ভ কৰি টীম ইণ্ডিয়াই পৰ্বতসম ৪১০ ৰান সংগ্ৰহ কৰে। দীপাৱলীৰ দিনটোত শ্ৰেয়াছ আয়াৰ আৰু কে এল ৰাহুলে শতকীয় ইনিংছ খেলাৰ বিপৰীতে বিৰাট কোহলি আৰু ৰোহিত শৰ্মা বেটে-বলে উজলি উঠে। শ্ৰেয়াছ আয়াৰ ১২৮ অপঃ আৰু কে এল ৰাহুল ১০২ ৰান কৰে।

আনহাতে ৰোহিত ৬১,শুভমন গীল ৫১ আৰু বিৰাট কোহলিয়ে ৫১ ৰানৰ অৰ্ধশতকীয় ইনিংছ উপহাৰ দিয়ে। ইফালে অনিয়মিত বলাৰ হিচাপে বল হাতত লৈ ৰোহিত-বিৰাটে ১টাকৈ উইকেট দখল কৰে। বুমৰাহ-ছিৰাজ,কুলদ্বীপ আৰু জাডেজাৰ বিধ্বংসী বলিং আক্ৰমণত তিষ্ঠিব নোৱাৰি নেদাৰলেণ্ডছে ২৫০ ৰানতে কেউটা উইকেট হেৰুৱাই পৰাজয়বৰণ কৰি বিশ্বকাপ অভিযান সামৰে।