ইমান ভাল পোৱা মোৰ কাৰণে আশীৰ্বাদ স্বৰূপ- হাৰ্দিক পাণ্ডিয়া...
ইমান ভাল পোৱা মোৰ কাৰণে আশীৰ্বাদ স্বৰূপ- হাৰ্দিক পাণ্ডিয়া... 
ক্রীড়া-জগত

ইমান ভাল পোৱা মোৰ কাৰণে আশীৰ্বাদ স্বৰূপ- হাৰ্দিক পাণ্ডিয়া...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কৰ দায়িত্ব লাভ কৰাৰ পাছৰে পৰা হাৰ্দিক পাণ্ডিয়া এক কঠিন সময়ৰ মাজেৰে পাৰ হ'বলগীয়া হৈছে। য'লৈকে গৈছে তাতেই অনুৰাগীৰ ক্ষোভৰ সন্মুখীন হৈছে তেওঁ।

আনকি মুম্বাইৰ নিজা ষ্টেডিয়াম ৱাংখেড়েতো ৰক্ষা নপৰিল হাৰ্দিক। বৰঞ্চ ঘৰুৱা ষ্টেডিয়ামত হাৰ্দিকৰ প্ৰতি অনুৰাগীৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ বৃদ্ধিহে পালে। তাৰ পাছতো অৱশ্যে পাণ্ডিয়াই মুম্বাইৰ ঘৰুৱা দৰ্শকক জনালে কৃতজ্ঞতা।

তেওঁ ক'লে, মই কৃতজ্ঞ। ইমান ভালপোৱা মোৰ কাৰণে আশীৰ্বাদ স্বৰূপ। কেতিয়াবা কেতিয়াবা ভাষা হেৰাই যায়। মই অত্যন্ত সুখী আৰু অভিভূত।

ষ্টেডিয়াম ভৰা দৰ্শকে একেমুখে ধিক্কাৰ জনাইছে, কটাক্ষ কৰিছে পণ্ডিয়াক। তাৰ পাছতো পাণ্ডিয়াই এইদৰে মন্তব্য কৰি আচলতে তেওঁৰ ভিতৰত চলি থকা আন এখন যুঁজক হে লুকুৱাবলৈ চেষ্টা কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে।

পাণ্ডিয়াৰ জীৱন মুম্বাই ইণ্ডিয়ানছে সলনি কৰিছিল। পাণ্ডিয়াই এই কথা পূৰ্বেও নিজেই স্বীকাৰ কৰিছে। মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিয়েই তেওঁ ভাৰতীয় জাতীয় দলত স্থান লাভ কৰিছিল।

২০২২ ত তেওঁ মুম্বাই এৰি গুজৰাট টাইটানছৰ অধিনায়ক হৈছিল। অধিনায়ক হৈয়ে তেওঁ অৰ্জন কৰিছিল চেম্পিয়নৰ খিতাপ। ২০২৩ ত দলটোক ফাইনেললৈ লৈ গৈছিল। গুজৰাটলৈ যোৱাৰ সময়তে পাণ্ডিয়াই মুম্বাইৰ ড্ৰেছিং ৰুমৰ পৰিৱেশক লৈ কৰিছিল কেতবোৰ বিতৰ্কিত মন্তব্য। যাক লৈ অসন্তুষ্ট হৈ আছিল মুম্বাইৰ অনুৰাগীসকল।

২০২৪ ত মুম্বাইয়ে গুজৰাটৰ সৈতে এক বুজাপৰাৰ চুক্তিৰে পাণ্ডিয়াক পুনৰ ঘূৰাই আনে আৰু আই পি এলৰ বৰ্তমানলৈকে সৰ্বশ্ৰেষ্ঠ অধিনায়ক হিচাপে পৰিচিত ৰোহিত শৰ্মাক আঁতৰাই অধিনায়ক হিচাপে দায়িত্ব দিয়ে। সেয়ে পাণ্ডিয়াক লৈ অসন্তুষ্ট গুজৰাটৰো অনুৰাগীসকল।

চলিত আই পি এলৰ প্ৰথম মেচ কেইখনত পাণ্ডিয়াই ৰোহিত শৰ্মা, বুমৰাহৰ সৈতে যেনে আচৰণ কৰিলে সেই আচৰণে ক্ৰিকেট অনুৰাগীক অসন্তুষ্ট কৰাই নহয় পাণ্ডিয়াৰ প্ৰতি থকা ক্ষোভত যেন ঘিঁউহে ঢালিলে। প্ৰতিখন মেচতেই ভৰা ষ্টেডিয়ামৰ দৰ্শকৰ ক্ষোভ আৰু কটাক্ষৰ সন্মুখীন হৈয়ে পাণ্ডিয়াই এইদৰে কৰা মন্তব্যই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে।

তেওঁ পুনৰ কৈছে, মুম্বাইয়ে মোক ডাঙৰ হ'বলৈ শিকাইছে। মোক কেতিয়াও হাৰ মানিবলৈ শিকোৱা নাই। মোক নম্ৰ হ'বলৈ শিকাইছে। এই চহৰখনে মোক অপৰিসীম মৰম আৰু জীৱনৰ অমূল্য পাঠ দিছে।"