ক্রীড়া-জগত

বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ দৌৰত কোহলি-জাডেজা

Asomiya Pratidin

ডিজিটেল ডেস্ক : ২০২৩ৰ আই চি চি বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে ছাৰ গাৰফিল্ড ছ'বাৰ্ছ ট্ৰফীৰ বাবে চাৰিগৰাকী ক্ৰিকেটাৰক মনোনীত কৰা হৈছে। এই দৌৰত আছে দুগৰাকী ভাৰতীয়।

তেওঁলোক হৈছে বিৰাট কোহলি আৰু ৰবীন্দ্ৰ জাডেজা। চাৰিগৰাকী ক্ৰিকেটাৰৰ আন দুগৰাকী হৈছে বিশ্বকাপজয়ী অধিনায়ক পেট কামিন্স আৰু ট্ৰেভিছ হেড। যোৱা বছৰটোত আগবঢ়োৱা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে তৃতীয়বাৰলৈ ছাৰ গাৰফিল্ড ছ'বাৰ্ছ ট্ৰফীৰ বাবে মনোনীত হৈছে বিৰাট কোহলি।

উল্লেখ্য যে যোৱা বছৰটোত কোহলিয়ে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰি এদিনীয়াত ৫০ সংখ্যক শতক অৰ্জন কৰিছিল। আনহাতে যোৱা বছৰটোত আটাইকেইটা সংস্কৰণ মিলি জাডেজাই মুঠ ৬৬টা উইকেট দখল কৰাৰ লগতে ৬১৩ ৰান সংগ্ৰহ কৰিছে।