১৬ জানুৱাৰীৰ পৰা ৰাজ্যত ৪০ লাখ নতুন ৰেচন কাৰ্ড বিতৰণ : মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

১৬ জানুৱাৰীৰ পৰা ৰাজ্যত ৪০ লাখ নতুন ৰেচন কাৰ্ড বিতৰণ : মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

ডিজিটেল সংবাদ,শিলচৰ : আসন্ন লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত পুনৰ ৪০ লাখ নতুন ৰেচন কাৰ্ড বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অহা ১৬ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ অসমৰ প্ৰতিখন জিলাতে এই নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব।‌

সিদিনা ৰাজ্যৰ প্ৰতিটো সমষ্টিতে মন্ত্ৰী আৰু বিধায়কসকলে এই ৰেচন কাৰ্ড বিতৰণ কৰিব। ১৬ জানুৱাৰীত কাছাৰ জিলাত ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰিব মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। ১৯ জানুৱাৰীত কাছাৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে জিলাখনত ৰেচন কাৰ্ড বিতৰণ কৰিব।

কাছাৰ জিলাত ২ লাখ ১৪ হাজাৰ দুখীয়া পৰিয়ালে এই নতুন ৰেচন কাৰ্ড লাভ কৰিব। দুদিনীয়া বিভিন্ন চৰকাৰী কাৰ্যসূচী লৈ শুক্ৰবাৰে বৰাকত উপস্থিত হোৱা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কাছাৰ জিলা আয়ুক্তৰ কাৰ্যলয়ত অনুষ্ঠিত খাদ্য আৰু যোগান বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশ লৈ এই কথা সদৰি কৰে।

১৬ জানুৱাৰীৰ পৰা ৰাজ্যত ৪০ লাখ নতুন ৰেচন কাৰ্ড বিতৰণ : মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
চিলাপথাৰ পৌৰসভাৰ পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱক লৈ উত্তপ্ত পৰিস্থিতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in