ক্রীড়া-জগত

৪০ হাজাৰ দৰ্শকক চুপ থাকিবলৈ ক'লে গৌতম গম্ভীৰে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আই পি এলৰ এখন মেচৰ অন্তত প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ অনন্য ৰূপ। সোমবাৰে বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজত এখন গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হৈছিল।

মেচখনত ঘৰুৱা দল ৰয়েল চেলেঞ্জাৰ্ছে প্ৰতিপক্ষ লক্ষ্ণৌক বিজয়ৰ বাবে নিৰ্ধাৰিত ২০ অ'ভাৰত ২১৩ ৰানৰ লক্ষ্য বান্ধি দিছিল। শ্বাসৰুদ্ধকৰ মেচখনত লক্ষ্ণৌৱে ৯ নম্বৰ উইকেটত শেষৰ বলত বিজয় লক্ষ্যত উপনীত হয়।

ইয়াৰ লগে লগেই লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ ক্ৰিকেটাৰ,সমৰ্থকসকলে আনন্দতে উৎফুল্লিত হৈ পৰে। এনে পৰিবেশ দেখি দলটোৰ মেণ্টৰ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে ষ্টেডিয়ামত উপস্থিত থকা দৰ্শকক উদ্দেশ্যি মুখত তৰ্জনী আঙুলি ৰাখি 'চুপ' হৈ থকাৰ ইংগিত দিয়ে। ইতিমধ্যে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ এনে ছবি একাংশ সামাজিক মাধ্যমত বিয়পি পৰিছে আৰু এই ছবিখনে চৰ্চা লাভ কৰিছে।