ক্রীড়া-জগত

ব্যৰ্থ ৰোহিত-গীল : ৰাহুলৰ শতকেৰে ভাৰতৰ সন্তোষজনক স্ক'ৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিদেশৰ মাটিত পুনৰ স্বভংগীমাৰে উজলি উঠিছে উইকেট-ৰক্ষক বেটছমেন কে এল ৰাহুল। দীঘলীয়া ইনিংছ খেলাত সিদ্ধহস্ত লোকেশ ৰাহুল। দক্ষিণ আফ্ৰিকাৰে চলি থকা শৃংলাৰ প্ৰথমখন টেষ্টৰ প্ৰথম ইনিংছত তেওঁ ১০১ ৰানৰ দায়িত্বশীল ইনিংছ খেলে।

তেওঁৰ এই শতকীয় ইনিংছৰ সহায়ত ভাৰতে দ্বিতীয় দিনা ২৪৫ ৰানৰ সন্তোষজনক স্ক'ৰ গঢ়িবলৈ সক্ষম হয়। দক্ষিণ আফ্ৰিকাৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি প্ৰথম দিনাই শ'লঠেকত পৰিছিল আলহী দল ভাৰত। হেৰুৱাইছিল জয়ছোৱাল ১৭, ৰোহিত ৫,গীল ২ আৰু কোহলিৰ দৰে মূল্যৱান উইকেট। অৱশ্যে কোহলি আৰু শ্ৰেয়াছে দীঘলীয়া ইনিংছ খেলাত ব্যৰ্থ হ'লেও দুয়ো ক্ৰমে ৩৮ আৰু ৩১ ৰানৰ বৰঙণি যোগায়।

ইয়াৰ পিছতে ক্ৰিজলৈ আগমন ঘটিছিল ৰাহুলৰ আৰু প্ৰথম দিনাই অৰ্ধশতক অৰ্জন কৰি অপৰাজিত হৈ আছিল। বুধবাৰে পুনৰ খেল আৰম্ভ কৰি ৰাহুল শতক অৰ্জন কৰিবলৈ সক্ষম হয়। তেওঁৰ শতকৰ সহায়তে ভাৰতে সন্তোষজনক স্থিতিত উপনীত হয়।

ইফালে ভাৰতৰ প্ৰথম ইনিংছ সমাপ্তিৰ পিছত দ্বিতীয় দিনা ঘৰুৱা দলটো বেটিং কৰে। চাহ বিৰতিৰ সময়লৈকে ঘৰুৱা দলে ৩টা উইকেট হেৰুৱাই ১৯৪ ৰান সংগ্ৰহ কৰে। ডীন এলগাৰে ১১৫ ৰান আৰু ডেভিড বেডিংহামে ৩২ ৰানত বেটিং কৰি আছে। অৱশ্যে অপেনিং বেটাৰ এইডেন মাৰ্কাৰাম ৫ ৰান কৰি মহম্মদ ছিৰাজ বলত পেভিলিয়নমুখী হয়।