ক্রীড়া-জগত

ডিফেণ্ডিং চেম্পিয়নৰ সন্মুখত থালা বাহিনী !

Asomiya Pratidin

ডিজিটেল ডেস্ক : আই পি এল বুলিলেই প্ৰথমেই মনলৈ আহে হালধীয়া ৰঙৰ জাৰ্ছীত ষ্টাম্পৰ পিছফালৰ পৰা খেলুৱৈক নিৰ্দেশ দি থকা এগৰাকী উইকেটকীপাৰ-বেটছমেন তথা কেপ্টেইনৰ কথা । এইগৰাকী আনকোনো নহয় বৰং আই পি এলৰ অন্যতম সফল অধিনায়ক, খেলুৱৈ মহেন্দ্ৰ সিং ধোনী । যি কেৱল আই পি এলতেই নহয় বৰং জাতীয় দলটো ভাৰতক নেতৃত্ব দি ৰচিছিল ইতিহাস । খুৱ সম্ভৱ এয়াই ধোনীৰ অন্তিমখন আই পি এল । খুৱ সম্ভৱ অন্তিম বাৰৰ বাবে হালধীয়া জাৰ্ছী পৰিধান কৰি খেলুৱৈৰূপে খেলপথাৰত অৱতীৰ্ণ হ'ব ধোনী ।

সন্মুখত ডিফেণ্ডিং চেম্পিয়ন তথা বৰ্তমানৰ ভাৰতীয় দলৰ সফল অল-ৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াৰ গুজৰাট টাইটানছ । এই খেল সহজ নহ'ব কাৰো বাবেই । দুয়োটা দলেই আত্ম বিশ্বাসৰ তুংগত ।

যি সময়ত চেন্নাই চুপাৰ কিংছৰ দলত আছে আম্বাতি ৰায়ুডু, বেন ষ্ট'কছ, জাদেজা, ধোনীৰ দৰে বিষ্ফোৰক আৰু নিৰ্ভৰযোগ্য খেলুৱৈ, একে সময়তেই গুজৰাট টাইটানছত আছে ডেভিড মিলাৰ, কেন ৱিলিয়ামছন, হাৰ্ডিক পাণ্ডিয়া, মেথিউ ৱেডৰ দৰে খেলুৱৈ ।

অৱশ্যে দুয়োটা দলতেই এইবাৰ বলিঙৰ মূল দায়িত্বত থাকিব মিডিয়াম পেছ আৰু স্পীনাৰ হে । যাৰ বাবে সকলো দিশৰ পৰাই সমান পৰাক্ৰমী দুয়োটা দলেই । এতিয়া অপেক্ষা মাথো খেল আৰম্ভ হোৱালৈ । কাৰ জয়যাত্ৰা আজিৰ পৰাই আৰম্ভ হ'ব সেইয়া হ'ব লক্ষণীয় ।