ক্রীড়া-জগত

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক চেতন শৰ্মাৰ পদত্যাগ

Asomiya Pratidin

ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেট দল(পুৰুষ) ৰ মুখ্য নিৰ্বাচক চেতন শৰ্মাৰ পদত্যাগ। বিচিচিআইৰ সচিব জয় শ্বাহৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে শৰ্মাই লগতে এই পদত্যাগ পত্ৰ গ্ৰহণ কৰে ভাৰতীয় ক্ৰিকেট বোৰ্ডে।

কেই সপ্তাহমান পূৰ্বে এটা টিভি শ্ব'ত অংশগ্ৰহণ কৰিছিল শৰ্মাই য'ত ভাৰতীয় খেলুৱৈ সকলক লৈ কিছু বিতৰ্কিত মন্তব্য কৰিছিল। মঙলবাৰে পোহৰলৈ আহিছিল এই ভিডিঅ'। তেওঁ খেলুৱৈ সকলৰ বাছনি, পদ্ধতি আৰু ফিটনেছৰ বিষয়ে কৈছিল। কোহলী, বুমৰাহৰ বিষয়েও কৈছিল তেওঁ।

শৰ্মাই প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু বিৰাট কোহলীৰ সৈতে হোৱা কথোপকথনৰ কথাও প্ৰকাশ কৰিছিল । শৰ্মাই অভিযোগ কৰিছিল যে খেলুৱৈসকল ৮০ ৰ পৰা ৮৫ শতাংশ ফিট হোৱা স্বত্বেও বিভিন্ন ধৰণৰ বেজী লয়।

তেওঁ এয়াও অভিযোগ কৰিছিল যে ছেপ্টেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলালৈ বুমৰাহৰ উভতি অহাক লৈ তেওঁৰ আৰু দল পৰিচালনাৰ মাজত মতভেদৰ সৃষ্টি হৈছিল। ইয়াৰোপৰি আৰু বহু কথায়েই কৈছিল তেওঁ।

এই ভিজিঅ' ভাইৰেল হোৱাৰ পাছত বহুতে বিচিচিআইৰ পৰা তেওঁৰ ওপৰত তদন্ত কৰাৰ দাবী কৰিছিল। তাৰ পাছতেই ১৭ ফেব্ৰুৱাৰীত পদত্যাগ পত্ৰ দাখিল কৰে শৰ্মাই।

আৰু পঢ়ক: সাৱধান! দ্যা ইউনিয়ন ক'পাৰেটিভ বেংকত সাঁচতীয়া ধন থৈছিল নেকি?