ৰক্তাক্ত ব্ৰাজিল-আৰ্জেণ্টিনাৰ মেচ...
ৰক্তাক্ত ব্ৰাজিল-আৰ্জেণ্টিনাৰ মেচ... 
ক্রীড়া-জগত

ৰক্তাক্ত ব্ৰাজিল-আৰ্জেণ্টিনাৰ মেচ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰণক্ষেত্ৰলৈ পৰিণত হ’ল ব্ৰাজিলৰ ঐতিহাসিক মাৰাকানা ষ্টেডিয়াম। অখেলুৱৈ সুলভ আচৰণৰ প্ৰতিবাদত মেচ এৰিলে লিয়নেল মেছিয়ে। উল্লেখ্য যে, বুধবাৰে ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ৰ মাৰাকানা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ২০২৬ বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ মেচ।

এই মেচত মুখামুখী হৈছিল ব্ৰাজিল আৰু আৰ্জেণ্টিনা। কিন্তু মেচ আৰম্ভ হোৱাৰ পূৰ্বেই দুই দলৰ সমৰ্থকৰ মাজত সৃষ্টি হয় সংঘাত। ফলত সতীৰ্থৰ সৈতে খেল পথাৰ ত্যাগ কৰে মেছিয়ে। প্ৰায় ৩০ মিনিটৰ বাবে স্থগিত ৰাখিবলগীয়া হয় মেচ।

উল্লেখ্য যে, দক্ষিণ আমেৰিকাৰ দুই শক্তিশালী দল ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ মাজৰ বহু প্ৰত্যাশিত এই মেচখন ভাৰতীয় সময় অনুসৰি পুৱা ৬ বজাতে অনুষ্ঠিত হোৱাৰ কথা আছিল। নিৰ্ধাৰিত সময়ত দুয়োটে দলৰ খেলুৱৈসকলে খেল পথাৰত প্ৰৱেশ কৰি শাৰী পাতি জাতীয় সংগীত পৰিৱেশন কৰে।

কিন্তু সেই সময়তে ষ্টেডিয়ামত উপস্থিত থকা দুই দেশৰ সমৰ্থকৰ মাজত আৰম্ভ হয় মাৰপিট। পৰিস্থিতি এনে পৰ্যায়ত উপনীত হয়গৈ যে দুই দলৰ সমৰ্থকৰ মাজত ষ্টেডিয়ামত ছুৰীৰেও আক্ৰমণ হয়।

এই পৰিস্থিতি দেখি হতবাক হৈ পৰে দুয়ো দেশৰ খেলুৱৈসকল। ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰে। অভিযোগ অনুসৰি ব্ৰাজিলৰ আৰক্ষীয়ে পক্ষপাতমূলক আচৰণ কৰে।

এনে পৰিস্থিতিত বহু সমৰ্থক আহত হয়। যিসময়ত ব্ৰাজিলৰ আৰক্ষীয়ে আৰ্জেণ্টিনাৰ সমৰ্থকসকলক প্ৰহাৰ কৰি আছিল সেই সময়ত এই দৃশ্য খেল পথাৰৰ পৰাই প্ৰত্যক্ষ কৰি আছিল মেছিয়ে।

মেচখনৰ আয়োজকসকলক সেই দৃশ্য দেখুওৱাই মেছিয়ে কিবা আলোচনা কৰাও দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পাছতে সতীৰ্থৰ সৈতে খেল পথাৰ ত্যাগ কৰাৰ সময়ত মেছিয়ে কয়, 'আমি নেখেলো, বাহিৰলৈ যাও'। 

অৱশ্যে প্ৰায় আধা ঘণ্টা পাছত পুনৰ আৰ্জেণ্টিনাৰ খেলুৱৈসকল খেল পথাৰত নামে। পুৱা প্ৰায় ৬-৩০ বজাত পুনৰ খেল আৰম্ভ হয়। মেচখনত বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাই ব্ৰাজিলক ১-০ গ’লত পৰাস্ত কৰে।

মেচখনৰ ৬৩ মিনিটত নিকোলাছ ওটামেণ্ডিয়ে আৰ্জেণ্টিনাৰ হৈ একমাত্ৰ গ’লটো কৰে। মেচখনৰ ৮১ মিনিটত ব্ৰাজিলৰ জোলিণ্টনে লাভ কৰে ৰেড কাৰ্ড।

মেচৰ অন্তত মেছিয়ে তেওঁৰ ইনষ্টাগ্ৰামত লিখিছে, মাৰাকানাত এক মহান জয়। কিন্তু এই খেলখেনত ব্ৰাজিলত আৰ্জেণ্টিনাৰ অনুৰাগীসকলক প্ৰহাৰ কৰাৰ ঘটনাৰ বাবে স্মৰণীয় হৈ থাকিব। এয়া গ্ৰহণযোগ্য নহয়। এনে কাৰ্য বন্ধ হ’ব লাগিব।

ইফালে সতীৰ্থৰ সৈতে খেল পথাৰ ত্যাগ কৰাৰ কাৰণ ব্যাখ্যা কৰি মেছিয়ে কয়, আৰক্ষীয়ে আমাৰ সমৰ্থকসকলক কেনেদৰে প্ৰহাৰ কৰিছে সেয়া আমি দেখি আছিলো। মই কোপা লিবেৰ্টাডোৰেছত পূৰ্বে একেই ঘটনা দেখিছো।তেওঁলোকে অনুৰাগীসকলক খেল পথাৰৰ পৰা আঁতৰাই দিয়াত ব্যস্ত আছিল। সেয়ে ড্ৰেছিং ৰুমলৈ ঘূৰি অহাটো সঠিক সিদ্ধান্ত আছিল। অন্যথা পৰিস্থিতি আৰু বেয়াৰ দিশে গতি কৰিলে হয়।"