বৰ্ষাপাৰাত ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ঃ ২৫ হাজাৰ টিকট বিক্ৰী...
বৰ্ষাপাৰাত ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ঃ ২৫ হাজাৰ টিকট বিক্ৰী... 
ক্রীড়া-জগত

বৰ্ষাপাৰাত ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ঃ ২৫ হাজাৰ টিকট বিক্ৰী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ আন এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে অসম ক্ৰিকেট সন্থা। মেচখনৰ বাবে সাজু কৰি তোলা হৈছে অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়াম।

বিশ্বকাপৰ অন্ত পৰাৰ পাছতেই ভাৰতৰ মাটিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হৈছে ৫ খন টি-২০ মেচৰ দ্বিপাক্ষীক শৃংখলা। এই শৃংখলাৰ তৃতীয়খন মেচ ২৮ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব।

এই মেচক কেন্দ্ৰ কৰি আজি অসম ক্ৰিকেট সন্থাই এক সংবাদ মেল সম্বোধন কৰে। এই সংবাদ মেলত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ যুটীয়া সচিৱ দেৱজিত শইকীয়া, অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ, সম্পাদক ত্ৰিদীপ কোঁৱৰ উপস্থিত থাকে।

সন্থাই সংবাদ মেলত জনোৱা অনুসৰি ইতিমধ্যে মেচখনৰ বাবে মুকলি কৰি দিয়া ২৫ হাজাৰ টিকট বিক্ৰী হৈছে আৰু ১০ হাজাৰ টিকটহে উপলব্ধ আছে। অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে জনোৱা অনুসৰি নেহেৰু ষ্টেডিয়ামতো মুকলি কৰা হৈছে টিকট কাউণ্টাৰ। ৭ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মেচখনৰ বাবে ৪ বজাত দৰ্শকৰ বাবে খুলি দিয়া হ'ব ষ্টেডিয়ামৰ গেট।

ইফালে দেৱজিত শইকীয়াই কয়, মেচখনত দৰ্শকৰ মনোৰঞ্জনৰ বাবে থাকিব ডিজে। ইয়াৰোপৰি লেজাৰ শ্ব' আৰু আতচবাজীৰো ব্যৱস্থা কৰা হৈছে। মেচখনত উপস্থিত থাকিবলৈ বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নী, সচীৱ জয় শ্বাহকো নিমন্ত্ৰণ কৰা হৈছে। ইয়াৰোপৰি মেচখনত উপস্থিত থাকিব ৰাজস্থান ৰয়েলছৰো কৰ্তৃপক্ষ।

২৭ নৱেম্বৰৰ সন্ধিয়া ৫ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'বলগীয়া দুয়োটা দলে অনুশীলন কৰা, নকৰা সন্দৰ্ভত এই পৰ্যন্ত বি চি চি আইৰ ফালৰ পৰা কোনো কথা জনোৱা হোৱা নাই। অৱশ্যে ২৮ নৱেম্বৰৰ দিনত দুয়োটে দলে অনুশীলন কৰাৰ সম্ভাৱনা আছে। ভাৰতীয় দলটো ৰেডিশ্যন ব্লু হোটেলত থকাৰ লগতে অষ্ট্ৰেলিয়ান দলটো ভিভিণ্টাত থকাৰ ব্যৱস্থা কৰা হৈছে বুলিও জনাইছে।