ক্রীড়া-জগত

টপচেম-এ এছ জে এ মিডিয়া ক্রীড়া সমাৰোহ : ফাইনেলত এ এছ জে এ-মিডিয়া মেনেজমেন্ট

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : অসম ক্রীড়া সাংবাদিক সংস্থা (এ এছ জে এ)ৰ উদ্যোগত চলি থকা টপচেম-এ এছ জে এ মিডিয়া ক্রীড়া সমাৰোহৰ টি-২০ ক্রিকেটৰ ফাইনেলত প্ৰৱেশ কৰিছে আয়োজক অসম ক্রীড়া সাংবাদিক সন্থা আৰু মিডিয়া মেনেজমেন্টে। বুধবাৰে পুৱা ১০-৩০ বজাৰ পৰা ফাইনেল মেচখন অনুষ্ঠিত হ'ব।

ছেমি ফাইনেলত মিডিয়া মেনেজমেন্ট দলে আউটষ্টেচন মিডিয়া একাদশক ১২৮ ৰানত পৰাস্ত কৰাৰ বিপৰীতে ডিফেন্ডিং চেম্পিয়ন গুৱাহাটী প্রেছ ক্লাব একাদশক ৮উইকেটত পৰাস্ত কৰে অসম ক্রীড়া সাংবাদিক সন্থা একাদশে। প্রথমখন খেলত গুৱাহাটী প্ৰেছ ক্লাবে প্রথমে বেটিং কৰি ৭উইকেটত ১৩৯ ৰান কৰে।

দলৰ হৈ মৃগাংকজ্যোতি শর্মাই ৪৬ আৰু কিশোৰ তালুকদাৰে ২৫ ৰান কৰাৰ বিপৰীতে মনোজ দুৱৰাই ১২ ৰানত ৩টা তথা অবিনাশ কলিতা আৰু নৱজ্যোতি গোহাঁয়ে ২টাকৈ উইকেট পায়। প্রত্যুত্তৰত এ এছ জে এয়ে ২উইকেটত ১৪৩ ৰান কৰি ৫টা বল বাকী থাকোতেই বিজয় লক্ষ্যত উপনীত হয়।

ৰাজদীপ দাসে ৪৬ আৰু তৌহিদ আলী তালুকদাৰে অপৰাজিত ৪০ ৰানৰ বৰঙণি আগবঢ়ায়। আনখন মেচত মিডিয়া মেনেজমেন্টে জগজিৎ সিঙৰ ৬৯ বলত অপৰাজিত ১০৬ ৰানৰ সহায়ত ১টা উইকেটত ২০৬ ৰান সংগ্রহ কৰে।

ভার্গৱ বৈশ্যই অপৰাজিত ৪৪ আৰু বিশ্বজিৎ ডেকাই ৩৯ ৰান কৰে। প্ৰত্যুত্তৰত আউটষ্টেচন মিডিয়াই ৮ উইকেটত ৭৮ ৰান কৰি পৰাজয় স্বীকাৰ কৰে। অবিনাশ ঠাকুৰীয়াই ১০ ৰানত ৩টা আৰু বাস্তৱ হাজৰিকাই ৫ৰানত ২টা উইকেট পায়। ইয়াৰ পূৰ্বে অসম ক্রিকেট সন্থাৰ প্ৰাক্তন সম্পাদক বিকাশ বৰুৱা আৰু জ্যেষ্ঠ ক্রীড়া সাংবাদিক জয়ন্ত দাসে প্রতিযোগিতাখন উদ্বোধন কৰে।